NORTHEAST NOW (Assamese)
Popular Stories

নিজৰ সমষ্টিতে হিমন্ত বিশ্বক প্ৰত্যাহ্বান জুবিনৰ : ২০২১-ত বিজেপিয়ে কিমান ভোট পায় চাই ল’ম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2019 6:57 pm

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে আজি হিমন্তক প্ৰত্যাহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। জুবিনে ক’লে, “২০২১ চনত বিজেপিয়ে কিমান ভোট পায় চাম?”

আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহসমষ্টি শুৱালকুছিত আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে গণ প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্ৰতিবাদী সভাত উপস্থিত আছিল শিল্পী সমাজো।

প্ৰতিবাদী সভাত জুবিনে পুনৰবাৰ বিজেপি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰি কয় যে, “মই যোৱা ৩০ টা বছৰ দেখিলো কিন্তু একেই চৰকাৰৰ ফালৰ পৰা কোনো উন্নয়ন হোৱা নাই। বিপেজি, কংগ্ৰেছ, অপগ সকলো একেই, লংকালে গ’লে সকলো ৰাৱন হয়।”

“বেলেগৰ ওপৰত বিশ্বাস কৰি বহুত মাৰ খালো এতিয়া আৰু নোৱাৰি, এতিয়া ওলটাকে মৰাৰ সময়।” বুলি উল্লেখ কৰি জুবিনে কয়, “আমাৰ হাতত বিকল্প নাই, গতিকে ২০২১ত আমাক এটা শক্তিশালী আঞ্চলিক দলৰ প্ৰয়োজন।”

জুবিনে নতুন দলৰ প্ৰসংগত কয়, “এইটো চাম আলোচনা কৰি দৰকাৰ হ’লে আমাৰ দল থাকিব। কিন্তু মই নাথাকো, মই সহায় কৰিম আৰু চাম ২০২১ত বিজেপিয়ে, কংগ্ৰেছে, অগপই কিমান ভোট পায়?”

NPRৰ কথা উল্লেখ কৰি জুবিনে কয়, “আকৌ NPR ওলিয়াইছে। প্ৰথমে NRC তাৰ পিছত C(A)A, এতিয়া আকৌ NPR। মুখৰ পৰা বেয়া মাত হে ওলাব আৰু। বেয়া শব্দলে যোৱাৰ পৰিৱেশ কোনো সৃষ্টি কৰিছে, বিজেপিয়ে কৰিছে।”

আজি প্ৰতিবাদী সভাত জুবিনে জাগীৰোডৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ সমস্যাৰ সন্দৰ্ভতো উল্লেখ কৰি “আমি পেপাৰ মিলৰ লগত সদায় আছো” বুলি কয়।