NORTHEAST NOW (Assamese)
অসম

প্ৰিয়ংকা গান্ধীক স্কুটিত তোলা কংগ্ৰেছ কৰ্মীলৈ ৬১০০ টকাৰ চালান ট্ৰেফিক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2019 9:32 pm
Priyanka Gandhi

উত্তৰ প্ৰদেশত কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাক স্কুটিত তোলা কংগ্ৰেছ কৰ্মীজনলৈ ৰাজ্যখনৰ ট্ৰেফিক আৰক্ষীয়ে ৬১০০ টকাৰ চালান প্ৰেৰণ কৰিছে।

ট্ৰেফিক আৰক্ষীয়ে অভিযোগ কৰিছে যে ২৮ ডিচেম্বৰত গান্ধীক স্কুটিত তোলাৰ সময়ত হেলমেট পিন্ধা নাছিল কংগ্ৰেছ কৰ্মী ধীৰাজ গুৰ্জাৰে।

ইষ্টাৰ্ন উত্তৰ প্ৰদেশৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা নেত্ৰীগৰাকীয়ে প্ৰাক্তন আই পি এছ বিষয়া এছ আৰ দাৰাপুৰীৰ ঘৰলৈ যাওঁতে আৰক্ষীয়ে বাধা দিয়া বাবে কৰ্মীজনৰ স্কুটিত যাব লগীয়া হৈছিল।

দাৰাপুৰীক তেওঁৰ CAA-বিৰোধী আন্দোলনত লোৱা “ভূমিকা”ৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থৈছে।

দাৰাপুৰীৰ উপৰি প্ৰতিবাদৰ সময়ত হিংসাত উচটনি দিয়াৰ অভিযোগ আনি আৰক্ষীয়ে কংগ্ৰেছ নেতা ছাদফ জাফৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লক্ষ্ণৌ আৰক্ষীয়ে মুঠ প্ৰায় ২০০জন প্ৰতিবাদকাৰীকো গ্ৰেপ্তাৰ কৰে।

এছ আৰ দাৰাপুৰীৰ পৰিয়ালক লগ কৰিবলৈ যোৱা প্ৰিয়ংকাক বাধা দিয়াৰ লগতে গঁতিওৱা বুলিও আৰক্ষীক বিৰুদ্ধে অভিযোগ আনিছিল কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনৰ লোহিয়া পথৰ পৰা গাড়ী যাবলৈ নিদিয়াত আৰক্ষীৰ বাধা নেওচি কংগ্ৰেছ কৰ্মীজনৰ স্কুটিত উঠি লক্ষ্যস্থান পাইছিল তেওঁ।