NORTHEAST NOW (Assamese)
অৰুণাচল

পথ দুৰ্ঘটনাত মৰান ছাত্ৰ সন্থাৰ নেতাৰ মৃত্যু; তিনিজন লোক আহত

Posted by: লক্ষ্মণ শৰ্মা Updated by: লক্ষ্মণ শৰ্মা December 30, 2019 7:07 am
Road-mishap-1140x570

অৰুণাচল প্ৰদেশৰ নামচাইত দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৰান ছাত্ৰ সন্থাৰ তিনিচুকীয়াৰ কাকপথাৰ শাখাৰ এজন নেতাৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক আহত হয়।

দুৰ্ঘটনাটোত মৰান ছাত্ৰ সন্থাৰ কাকপথাৰ শাখাৰ সম্পাদক পল্লৱ জ্যোতি মৰানৰ (২৪) মৃত্যু হয়।

অৰুণাচল বিশ্ববিদ্যালয়ৰ নামচাইৰ অধ্যয়ন চৌহদৰ সমীপত পথ দুৰ্ঘটনাটো সংঘটিত হয়।

মৰান ছাত্ৰ সন্থাৰ নেতাজন দুৰ্ঘটনাটোত আহত আন লোককেইজনৰ সৈতে আহি থকা গাড়ীখন এখন ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটাৰ ফলতে পথ দুৰ্ঘটনাটো সংঘটিত হয়।

পথ দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বাসিন্দা পল্লৱ জ্যোতি মৰানে AS-06-L-8344 নম্বৰৰ এখন পুৰণি অল্টো গাড়ী চলাই আহিছিল।

ইপিনে, বোজাবাহী ট্ৰেক্টৰখন নামচাইৰ দিশলৈ আহি আছিল। দুৰ্ঘটনাটোত আহত কেইজনো মৰান ছাত্ৰ সন্থাৰ সদস্য আছিল।

দুৰ্ঘটনাত আহত কেইজনক ক্ৰমে কাকপথাৰ অঞ্চলৰ মনোৰঞ্জন মৰান, হিমাংশু গোঁহাই আৰু নয়নজ্যোতি দহোটীয়া বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে নিহত ছাত্ৰনেতাজনে আন সহযোগীকেইজনৰ সৈতে নামচাইলৈ গাড়ীত তেল ভৰাবলৈ গৈছিল।

দুৰ্ঘটনাটোত গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

জানিব পৰা মতে, মৃত ছাত্ৰজনক স্বগৃহলৈ নিয়াৰ বিপৰীতে আহতকেইজনক চিকিৎসাৰ বাবে তিনিচুকীয়াৰ হাস্পাতলত ভৰ্তি কৰোৱা হয়।