NORTHEAST NOW (Assamese)
Popular Stories

নাগালেণ্ডত অহা ছমাহলৈ বৃদ্ধি কৰা হ’ল সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2019 10:32 pm

কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)ৰ ম্যাদ বৃদ্ধি কৰিছে। অহা ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে এই ম্যাদ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পৰা জাৰি কৰা এক জাননী যোগে আজি অৰ্থাৎ ৩০ ডিচেম্বৰৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী কৰা হৈছে।

জাননীখনত সমগ্ৰ নাগালেণ্ড ৰাজ্য এক অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজত আছে বুলি উল্লেখ কৰি সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল ৰখাটো আৱশ্যক বুলি কোৱা হয়।

২০২০ বৰ্ষৰ ৩০ জুন লৈকে নাগালেণ্ডত এই আইন কাৰ্যকৰী হৈ থাকিব।