NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাক চীনৰ মোক্ষম আঘাত; স্বদেশলৈ ওভটাই আনিলে ১৬,০০০ বৈজ্ঞানিকক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2020 4:52 pm
China's President with Trump

আমেৰিকা যুক্তৰাষ্ট্ৰক মোক্ষম আঘাত হানি চীনে আমেৰিকাত কৰ্মৰত ১৬,০০০ হাজাৰ বৈজ্ঞানিকক নিজৰ দেশলৈ ওভটাই আনিছে।

মূলত চীনৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰখনক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে চীনে বিদেশত কৰ্মৰত চীনা বিজ্ঞানী সকলক নিজৰ দেশলৈ উভতি আহিবলৈ আহ্বান জনাইছিল।

আমেৰিকাৰ অ’হায়ো বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহে।

অ’হায়ো বিশ্ববিদ্যালয়ৰ ৰিপোৰ্ট অনুসৰি বৰ্তমান আমেৰিকাৰ পৰা ১৬,০০০ হাজাৰ চীনা বৈজ্ঞানিক নিজৰ দেশলৈ উভতি গৈছে।

ৰিপোৰ্ট অনুসৰি ২০১৭ চনত আমেৰিকাত প্ৰায় ৪৫,০০০ চীনা বৈজ্ঞানিকে কাম কৰি আছিল আৰু এই সংখ্যা ২০১০ চনৰ তুলনাত দুগুণ আছিল।

বৰ্তমান সময়ত লাহে লাহে বহু বৈজ্ঞানিকে অন্য দেশ এৰি স্বদেশলৈ উভতি যোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কাৰণ চীনে তেওঁলোকক অধিক সুবিধা প্ৰদান কৰিছে।

চীনে দেশলৈ উভতি অহা বিজ্ঞানী সকলক অধিক সা-সুবিধা প্ৰদান কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত কাম কৰাৰ সুযোগ আগবঢ়াইছে।

তদুপৰি, চীনে বিজ্ঞানী সকলক বিদেশত নিদিয়া আন বহুতো সুবিধাও প্ৰদান কৰিছে যাৰ ফলত পুনৰ স্বদেশলৈ উভতি আহিছে চীনা বৈজ্ঞানিক সকল।