NORTHEAST NOW (Assamese)
অসম

আজি পাকিস্তানৰ কাৰাগাৰৰ পৰা স্বদেশলৈ উভতিব ২০ গৰাকী মাছমৰীয়া সহ অসমৰ সীমান্ত শইকীয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2020 5:47 pm
Indian Fisherman

পাকিস্তানৰ জলসীমা উলংঘা কৰাৰ অভিযোগত বিগত এটা বছৰ পাকিস্তানত কাৰাবন্দী হৈ থকা ২০ গৰাকী ভাৰতীয় মাছমৰীয়াক আজি পাকিস্তানে ভাৰতৰ হাতত অৰ্পন কৰিব।

পাকিস্তানৰ লাহোৰৰ মালিৰ জিলাস্থিত কাৰাগাৰত বন্দী হৈ থকা মাছমৰীয়া সকলৰ ভিতৰত অসমৰ সীমান্ত শইকীয়া নামৰ যুৱকজনো আছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ নিৰ্দেশ মৰ্মে ৫ জানুৱাৰীত সীমান্ত শইকীয়া সহ ২০ গৰাকী ভাৰতীয় মাছমৰীয়াক কাৰাগাৰৰ পৰা মুক্তি দিয়া হয়।

উল্লেখযোগ্য যে, ২০১৮ চনৰ ২৮ অক্টোবৰত গুজৰাটৰ এখন মাছৰীয়াৰ জাহাজে পাকিস্তানৰ জলস্তৰত অবৈধভাৱে অনুপ্ৰৱেশ কৰাৰ অভিযোগত পাকিস্তানী নৌ সেনা বাহিনীয়ে জাহাজখনৰ লগতে ২০ গৰাকী মাছমৰীয়াক আটক কৰিছিল।

পাকিস্তানী নৌ সেনাই আটক কৰাৰ মাছমৰীয়া সকলৰ ভিতৰত অসমৰ সীমান্ত শইকীয়াও আছিল।

বিগত এটা বছৰ পাকিস্তানৰ কাৰাগাৰত চৰম অনিশ্চয়তাৰ মাজেৰে সময় অতিক্ৰম কৰা সীমান্ত শইকীয়া ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা মুক্তিৰ বাবে কৰা নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত পাকিস্তানৰ পৰা স্বদেশৰ ভূমিলৈ উভতি আহিব।

পাকিস্তানত এবছৰৰ বাবে বন্দী হৈ থকা সীমান্ত শইকীয়াৰ ঘৰ গোলাঘাট জিলাৰ মেৰাপানীত।