NORTHEAST NOW (Assamese)
অসম

প্ৰতিবাদৰ সন্মুখীন হোৱাৰ দুঃস্বপ্নত মোদীয়ে বাতিল কৰিলে অসম ভ্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2020 8:56 am
Northeast continues to remain “under-represented” in New Delhi

অস্তিত্ব ৰক্ষাৰ যুঁজত আপোচহীন হৈ থকা অসমৰ ৰাইজৰ পৰা দুৰ্ব্যৱহাৰ পোৱাৰ শংকাত প্ৰধান মন্ত্ৰী মোদীয়ে বাতিল কৰিলে ১০ জানুৱাৰিৰ অসম ভ্ৰমণৰ কাৰ্য্যসূচী।

অসমত খেল’ ইণ্ডিয়া বুলি এটা ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ অহাৰ কথা আছিল প্ৰধান মন্ত্ৰীজন।

কিন্তু CAA-বিৰোধী প্ৰতিবাদ কৰি থকা অসমৰ ৰাইজ আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বহুকেইটা দল-সংগঠনে অসমলৈ আহিলে মোদীয়ে প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি সকীয়াই দিছিল।

আয়োজক ৰাজ্য চৰকাৰে নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদ শাম কটাৰ আশা কৰিছিল যদিও অসমৰ ৰাইজ অলপো নৰম নোহোৱাত উপায়হীন হয়।

প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে মোদীৰ নিৰাপত্তাৰ দিশটো আৰু তেওঁ সন্মুখীন হ’ব পৰা অবাঞ্ছিত পৰিস্থিতিৰ কথা বিবেচনা কৰি এই ভ্ৰমণ বাতিল কৰে।

চোৰাংচোৱাৰ সূত্ৰয়ো অসমৰ পৰিস্থিতি উত্তপ্ত হৈ থকাটো প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ অনুকূল নহয় বুলি প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ক জনোৱাৰ লগতে প্ৰধান মন্ত্ৰীজনৰ অসম ভ্ৰমণে দল-সংগঠনবোৰক প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তুলিবলৈ উৎসাহিত কৰিব পাৰে বুলি শংকা ব্যক্ত কৰিছিল।

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে  মোদীয়ে এই প্ৰতিবাদ জনসাধাৰণে নহয়, কংগ্ৰেছেহে কৰাই আছে বুলি মন্তব্য কৰিছিল। আনহাতে গৰিষ্ঠ সংখ্যক লোকেই নাগৰিকত্ব (সংশোধন) আইনখন সমৰ্থন কৰে বুলি অসমৰ বিজেপি নেতাসকলে দাবী কৰি আহিছে।

যোৱা ৫ জানুৱাৰিত বৰ্ষাপাৰাত অনুষ্ঠিত টি-২০ খেলৰ সময়ত দৰ্শক হিচাপে উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ আৰু বিত্ত মন্ত্ৰী হিমন্তক ষ্টেডিয়ামত থকা স্ক্ৰীনত দেখাৰ লগে লগে “গ’ বেক” ধ্বনি দি দুয়োজনকে বিব্ৰত কৰিছিল দৰ্শকসকলে।

ইয়াৰ পূৰ্বে অসমত হৈ থকা CAA-বিৰোধী প্ৰতিবাদৰ বাবেই ১৫ ডিচেম্বৰত অসমত হ’ব লগীয়া মোদী আৰু জাপানৰ প্ৰধান মন্ত্ৰী শ্বিনজো আবেইৰ বৈঠক বাতিল কৰিব লগীয়া হৈছিল।