NORTHEAST NOW (Assamese)
Popular Stories

বিদ্যুৎ নহ’লেও এই বাল্বটোৰে ৪ ঘণ্টা পোহৰ কৰি ৰাখিব পাৰিব আপোনাৰ ঘৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2020 6:16 pm
maxresdefault

অত্যাধুনিক প্ৰযুক্তিৰ বাবে বহু আগবাঢ়ি গ’ল আজিৰ সমাজ। উন্নত প্ৰযুক্তিৰ বাবেই আজি আমি সঞ্চয় কৰিব পৰা হ’লো বিদ্যুৎ।

আজি আমি পঢ়ুৱৈক এনে এটা বাল্বৰ কথা কম যিটো বাল্বে বিদ্যুৎ সঞ্চয় কৰাত যথেষ্ট সহায় কৰিব। আমি আলোচনা কৰি থকা বাল্বটোৰ নাম হ’ল ‘হেল’নিক্স ইনভাৰ্টাৰ এল ই ডি বাল্ব বি ২২’।

এই এল ই ডি বাল্বটো কেৱল মাত্ৰ ৯ ৱাটৰ আৰু পাৱাৰ বেকআপৰ বাবে বাল্বটোত ২৬০০mAhৰ এটা বেটেৰী সংলগ্ন হৈ আছে। স্বয়ংক্ৰিয়ভাৱে চাৰ্জ লোৱাৰ ক্ষেত্ৰত বাল্বটো নিৰ্মাণত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

এই বাল্বটো সম্পূৰ্ণ চাৰ্জ ল’বলৈ ৮ৰ পৰা ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব। যদি কেতিয়াবা নিশা আপোনাৰ ঘৰৰ বিদ্যুৎ সংযোগ বিচ্চিন্ন হয় তেন্তে ‘হেল’নিক্স ইনভাৰ্টাৰ এল ই ডি বাল্ব বি ২২’টো ব্যৱহাৰ কৰি আপোনাৰ ঘৰটো ৪ ঘণ্টা পোহৰ কৰি ৰাখিব পাৰিব।

এই অত্যাধুনিক বাল্বটো ই কমাৰ্চ ৱেবছাইৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব। এল ই ডি বাল্বটোৰ বজাৰ মূল্য ভিন ভিন যদিও এমাজনত বাল্বটোৰ মূল্য ৩৯৮ টকা।