NORTHEAST NOW (Assamese)
Popular Stories

কাইলৈ বছৰটোৰ প্ৰথমটো চন্দ্রগ্রহণ; জানক গ্ৰহণৰ সময়সূচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2020 2:09 pm

কাইলৈ অৰ্থাৎ ১০ জানুৱাৰীত চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব। উল্লেখযোগ্য ২০২০ বৰ্ষৰ এইটোৱে প্ৰথমটো চন্দ্ৰগ্ৰহণ।

নৰৱেস্থিত timeanddate.comৰ মতে মুঠ ৪ ঘণ্টা ৫ মিনিট জুৰি হ’বলগীয়া এই চন্দ্ৰগ্ৰহণ ভাৰতৰ সময়মতে কাইলৈ নিশা ১০.৩৭ বজাৰ পৰা ১১ জানুৱাৰীৰ পুৱা ২.৪২ বজালৈকে থাকিব।

এই চন্দ্ৰগ্ৰহণ এছিয়া, আফ্ৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, প্ৰশান্ত, আটলাণ্টিক, ভাৰত মহাসাগৰ আৰু সুমেৰু অঞ্চলৰ পৰা দেখিবলৈ পোৱা যাব।

চলিত বৰ্ষত মুঠ চাৰিবাৰ চন্দ্ৰগ্ৰহণ লাগিব। ১০ জানুৱাৰীৰ পিছত চন্দ্ৰগ্ৰহণ লাগিব লগীয়া দিনকেইটা হৈছে ৫ জুন, ৫ জুলাই আৰু ৩০ নৱেম্বৰ।