NORTHEAST NOW (Assamese)
Popular Stories

আৰক্ষীয়ে আটক কৰিলে ‘কা’ বাতিলৰ দাবীত ৫৬০ কিঃমিঃ পদব্ৰজেৰে অহা প্ৰতিবাদকাৰীক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 11, 2020 12:18 pm

দেশত ১০ জানুৱাৰিৰ পৰা বলৱৎ হ’ল নাগৰিকত্ব (সংশোধন) আইন। ফলত ৰাজ্যৰ ভেলাঘৰ এতিয়া প্ৰতিবাদথলীলৈ পৰিণত হৈছে। ‘কা’ বাতিলৰ দাবীৰে ৫৬০ কিঃমিঃ পদব্ৰজেৰে তিনিচুকীয়াৰ ডিৰাক সীমান্তৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা ত্ৰিশ জনীয়া দলটোক আজি দিছপুৰ আৰক্ষীয়ে আটক কৰে।

শুকুৰবাৰে অৰ্থাৎ ১০ জানুৱাৰিত গুৱাহাটীত উপস্থিত হোৱা দলটোৱে আজি পুনৰ খানাপাৰাৰ গণেশ মন্দিৰ খেলপথাৰৰ পৰা অতি শান্তিপূৰ্ণ ভাৱে দিছপুৰলৈ পদযাত্ৰা আৰম্ভ কৰোঁতেই দিছপুৰ আৰক্ষীয়ে আটক কৰি কাহিলিপাৰাস্থিত 4th APBNৰ কাৰ্যালয়লৈ লৈ যায় ।

৫৬০ কিঃমিঃ খোজ কাঢ়ি গুৱাহাটীত উপস্থিত হয় যদিও দিছপুৰৰ জনতা ভৱনত উপস্থিত হোৱাৰ আগমুহূৰ্তত আৰক্ষীয়ে আটক কৰি”পদব্ৰজেৰে দিছপুৰলৈ যাওঁ ব’লক” কাৰ্যসূচী বিফল কৰে।

“কা বাতিল হ’বই লাগিব। আমি দিছপুৰলৈ অতি শান্তিপূৰ্ণভাৱে পদ যাত্ৰা কৰিব লৈছিলো। কিন্তু জনবিৰোধী এই চৰকাৰে আমাক দিছপুৰত উপস্থিত হ’বলৈ নিদিলে। আমাক অতি ষড়যন্ত্ৰমূলক ভাৱে আটক কৰা হ’ল।” পদযাত্ৰাৰ নেতৃত্বত থকা ৰঞ্জিত দহোতিয়াই এইদৰে কয়। লগতে প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱালক জাতিদ্রোহী আখ্যা দিয়ে।

উল্লেখযোগ্য যে যোৱা ২০ ডিচেম্বৰৰ পৰা তেওঁলোকে পদযাত্ৰা আৰম্ভ কৰিছিল। দলটোত কেইবাগৰাকী পুৰুষৰ লগতে মহিলাও আছিল।