NORTHEAST NOW (Assamese)
অসম

“ইণ্টাৰনেট উপলব্ধতা”ক সৰ্বোচ্চ ন্যায়ালয়ে “মৌলিক অধিকাৰ”ৰ স্বীকৃতি দিয়া নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2020 10:27 pm
SC not expressing any view if "access to Internet'' a fundamental right

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে জম্মু আৰু কাশ্মীৰত “ইণ্টাৰনেট প্ৰতিবন্ধকতা”-বিষয়ক শেহতীয়া ৰায়ত এই সুবিধাৰ “উপলব্ধতা (access to Internet)”ক “মৌলিক অধিকাৰ”ৰূপে স্বীকৃতি দিয়া নাই।

বহু সংবাদমাধ্যমে ন্যায়ালয়ে ইণ্টাৰনেট উপলব্ধতাক মৌলিক অধিকাৰৰূপে স্বীকাৰ কৰা বুলি বিভিন্ন বাতৰি প্ৰকাশ কৰিছে।

কিন্তু তিনিজনীয়া বিচাৰপীঠে ৰায়টোত বিষয়টোক “মৌলিক অধিকাৰ”ৰূপে স্বীকাৰ কৰি কোনো মত প্ৰকাশ কৰা নাই।

“কোনো এগৰাকী অধিবক্তাই ইণ্টাৰনেট উপলব্ধতাক এক মৌলিক অধিকাৰৰূপে ঘোষণাৰ হকে যুক্তি দিয়া নাই আৰু সেয়ে আমি সেই সন্দৰ্ভত (on the same) কোনো মত প্ৰকাশ কৰা নাই,” ১৩০ পৃষ্ঠাৰ ৰায়টোত ন্যায়াধীশ এন ভি ৰামানাৰ মতৰ উদ্ধৃতিৰে প্ৰকাশ।

কিন্তু ৰায়টোত সৰ্বোচ্চ ন্যায়ালয়ে ইণ্টাৰনেটত বাক, মত প্ৰকাশ আৰু ব্যৱসায় কৰাৰ স্বাধীনতাক সংবিধানৰ ১৯নং অনুচ্ছেদৰ অবিচ্ছেদ্য “মৌলিক অধিকাৰ”ৰূপে ঘোষণা কৰিছে।

আৰু এই সুবিধাসমূহক যুক্তিসংগত প্ৰতিবন্ধকতা-সাপেক্ষ বুলি মত দিছে।

ন্যায়ালয়ে কৈছে যে আইনে ইণ্টাৰনেটৰ প্ৰাসংগিকতাক স্বীকাৰ কৰিব লাগিব আৰু বৃহৎ প্ৰভাৱ থকা এই মাধ্যমত মুক্ত মতত প্ৰতিবন্ধকতা আৰোপ বা অস্বীকাৰ কৰিব নোৱাৰে।

“ইণ্টাৰনেটৰ জৰিয়তে মত প্ৰকাশে এক সাম্প্ৰতিক প্ৰাসংগিকতা লাভ কৰিছে। ই তথ্য প্ৰসাৰৰ এক প্ৰধান মাধ্যম। সেয়ে ইণ্টাৰনেটৰ জৰিয়তে বাক আৰু মত প্ৰকাশৰ স্বাধীনতা সংবিধানৰ ১৯(১)(এ) অনুচ্ছেদৰ এক অবিচ্ছেদ্য অংশ,” ন্যায়ালয়ৰ মত।

ৰায়টোত ইণ্টাৰনেটৰ অন্যতম পিতৃ ভিণ্টন জি চাৰ্ফৰ এক মন্তব্যৰো উল্লেখ কৰা হৈছে।

“তেওঁ যুক্তি দিছিল যে ইণ্টাৰনেট অতি গুৰুত্বপূৰ্ণ হ’লেও ইয়াক এক মানৱ অধিকাৰৰ পৰ্য্যায়লৈ উন্নীত কৰিব নোৱাৰি। প্ৰযুক্তি, তেওঁৰমতে, অধিকাৰৰ এক সম্বল আৰু নিজে নিজেই আৰু নিজৰ এক অধিকাৰ নহয়,” ন্যায়াধীশ ৰামানাৰ মত।

ন্যায়াধীশত্ৰয় এন ভি ৰামানা, আৰ সুভাষ ৰেড্ডি আৰু বি আৰ গাভাই যোৱা ২৭ নৱেম্বৰত গোচৰটোৰ ৰায়দান স্থগিত ৰাখিছিল।

লগতে পঢ়ক–  দেশজোৰা “দুই সন্তান নীতি”ক লৈ কেন্দ্ৰক জাননী