NORTHEAST NOW (Assamese)
Popular Stories

অসমত এই মানুহ বিলাকক আমাৰ চৰকাৰে কুকুৰৰ দৰে গুলীয়াই মাৰিছে : পশ্চিম বংগৰ বিজেপি সভাপতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2020 12:29 pm

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰিবলৈ গৈ ৰাজ্যখনৰ বিজেপি সভাপতি দিলীপ ঘোষে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মৃত্যুক সাবটি লোৱা অসমৰ চহিদসকলৰ প্ৰতি চৰম অপমানসূচক মন্তব্য কৰিছে।

‘কা’ৰ বিৰোধী প্ৰতিবাদত ‘ৰাজহুৱা সম্পত্তি নষ্ট কৰা’সকলৰ ওপৰত ভোটৰ স্বাৰ্থত মমতা বেনাৰ্জী চৰকাৰে একো ব্যৱস্থা লোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘অসম, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত থকা আমাৰ চৰকাৰে এই মানুহবিলাকক কুকুৰৰ দৰে গুলীয়াই মাৰিছে।‘

দেওবাৰে পশ্চিম বংগৰ নাডিয়াত বিজেপিয়ে নাগৰিকত্ব (সংশোধন) আইনৰ সমৰ্থনত অনুষ্ঠিত কৰা এখন জনসভাত ভাষণ দি দিলীপ ঘোষে এই মন্তব্য কৰে।

প্ৰতিবাদত ৰাজহুৱা সম্পত্তি নষ্ট কৰাসকলক উদ্দেশ্যি তেওঁ কয়, ‘তেওঁলোকে ৰাজহুৱা সম্পত্তি সমূহ কাৰ বুলি ভাবিছে? তেওঁলোকৰ বাপেকৰ? …. তোমালোকে ইয়াত আহিবা, আমাৰ খাদ্য খাবা, থাকিবা আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰিবা। এইয়া তোমালোকৰ জমিদাৰী নেকি?’

‘আমি তোমালোকক লাঠীৰে কোবাম, গুলীয়াই দিম আৰু জে’লত ভৰাই থম’ তেওঁ লগতে কয়।