NORTHEAST NOW (Assamese)
অসম

মৃত্যুৰ সৈতে যুঁজি আছে “কা” বিৰোধী আন্দোলনত গুলীবিদ্ধ ছাত্ৰ ছানিদুল ইছলামে

Posted by: পুলেন্দ্ৰ দাস January 13, 2020 9:43 pm
Sanidul Islam

“কা” বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰি যোৱা ১২ ডিচেম্বৰত গুৱাহাটীৰ হাতীগাঁৱত আৰক্ষীৰ গুলীত আহত হোৱা ছাত্ৰ ছানিদুল ইছলাম এতিয়াও সুস্থ হৈ উঠা নাই।

উল্লেখ্য যে আৰক্ষীৰ বুলেটে বিদীৰ্ণ কৰিছিল বৰপেটা জিলাৰ ভৈৰাগুৰিৰ ছানিদুল ইছলামৰ মগজু। সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল ছানিদুলক।

দীৰ্ঘদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত দশম শ্ৰেণীত পঢ়ি থকা ছানিদুলক যোৱা ২০ ডিচেম্বৰতে সুস্থ হোৱা বুলি ঘৰলৈ যাবলৈ দিছিল। চিকিৎসকে সুস্থ বুলি ঘোষণা কৰিলেও ছানিদুলে কিন্তু এতিয়াও যুঁজি আছে জীৱন মৃত্যুৰে।

বৰ্তমান হাতীগাঁৱত এটা ভাড়াঘৰত থাকি চিকিৎসা অব্যাহত ৰখা পৰিয়ালটোৰ ওচৰত আজি পৰ্যন্ত কোনো দল-সংগঠন উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

ইয়াৰ উপৰি ছানিদুলৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোৱে অসমবাসীৰ পৰা সহায় বিচাৰিছে।

উল্লেখ্য যে “কা” বিৰোধী আন্দোলনত আৰক্ষীৰ গুলীত ৫ জন প্ৰতিবাদকাৰী চহিদ হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীত কমেও ৩৫ জনতকৈ অধিক ব্যক্তি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।