NORTHEAST NOW (Assamese)
অসম

বাইকত অহা দুৰ্বৃত্তই লুটি নিলে চাৰি লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 14, 2020 9:24 am
Money-snatcher-750x375

সোমবাৰে যোৰহাট জিলাৰ ৰাজাবাৰীস্থিত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা মটৰচাইকেলত অহা দুজন দুৰ্বৃত্তই এজন লোকৰ পৰা চাৰি লাখ টকা লুটি লৈ যোৱা কাৰ্যই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনাৰ বলি হোৱা লোকজন কৰ্ণ ডেকা বুলি জানিব পৰা গৈছে আৰু তেওঁ চৰকাৰী চাকৰিয়াল। ঘটনা সন্দৰ্ভত ইতিমধ্যে যোৰহাট আৰক্ষী থানাত এটা গোচৰ ৰজু কৰা বুলি জানিবলৈ দিয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি ডেকাই চহৰস্থিত বেংকৰ পৰা টকা উলিয়াই নিজ পত্নীৰ সৈতে এখন অটোত ঘৰলৈ আহি আছিল।

অটোখনৰ পৰা পত্নীসহ ডেকা নমাৰ লগে লগে বাইকত অহা দুই দুৰ্বৃত্তই টকাৰ বেগটো কাঢ়ি লৈ যায়। আৰক্ষীক এই কথা জনাইছে ভুক্তভোগী ডেকাই।

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জনাইছে।

উল্লেখ্য যে ডকাইতি কাণ্ডটো সংঘটিত হোৱাৰ পিছতে টকাৰ গৰাকী ডেকা অসুস্থ হৈ পৰিছিল আৰু চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।