NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ডৰ ছিৰই লিলি ছাইজালৈ ফৰ্বছ আলোচনিৰ বিশেষ স্বীকৃতি

Posted by: এন ই নাও নিউজ February 11, 2018 5:55 pm
Shiroi Lily Shaiza

নাগালেণ্ডৰ ছিৰই লিলি ছাইজাই বিখ্যাত ফৰ্বছ আলোচনীৰ ‘Forbes 30 under 30’ তালিকাত বিশেষ স্বীকৃতি লাভ কৰিছে।

তেওঁ পশুধন পালনৰ জৰিয়তে কৰ্মসংস্থাপনৰ সৃষ্টিত উৎসাহ যোগাৱা ‘অপ্সৰা নাগালেণ্ড’ৰ পৰিচালন সঞ্চালক হোৱাৰ উপৰি ‘অনট্ৰাপ্ৰেন্যাৰ এছ’চিয়েটেছ’ৰ উপদেষ্টাৰ দায়িত্বত আছে।

স্বেচ্ছাসেৱী সংস্থা আৰু সামাজিক উদ্যোমিতাৰ ক্ষেত্ৰত কৰি অহা কামৰ বাবে তেওঁলৈ উক্ত স্বীকৃতি জনোৱা হৈছে বুলি উল্লেখ কৰি ফৰ্বছত কোৱা হয় ‘ছাইজাৰ লক্ষ্য হৈছে ক্ষুদ্ৰ উদ্দ্যোগক প্ৰসাৰ কৰি নাগালেণ্ডৰ যুৱচামক স্বাৱলম্বি কৰি তোলা।’

ছাইজা হৈছে পুনেৰ ছিম্বায়ছিছ ইণ্টাৰনেশ্যনেলৰ প্ৰাক্তন ছাত্ৰী।

ফৰ্বছে বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী কাম কৰি অহা ৩০ বছৰ অনূৰ্ধ্ব লোক সকলক প্ৰত্যেক বছৰে স্বীকৃতি জনাই আহিছে।