NORTHEAST NOW (Assamese)
অসম

শিক্ষা মন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বৰষুণৰ পাছতো আশাহত ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 25, 2020 8:52 pm
TET TET

শিক্ষা মন্ত্ৰী হিচাপে পুনৰবাৰ দায়িত্বভাৰ লৈ জনতা ভৱনত প্ৰথমখন সংবাদমেলত শিক্ষাবিভাগৰ অন্তৰ্গত কেতবোৰ নতুন আঁচনিৰ কথা ঘোষণা কৰিছিল যদিও শিক্ষক সমাজৰ মূল দাবীৰ পৰা ফালৰি কটাৰ অভিযোগ উত্থাপন হৈছে শিক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে।

সদৌ অসম ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মূল দাবী আছিল বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ। কিন্তু শিক্ষা মন্ত্ৰীয়ে এই বিষয়টোৰ কোনো উল্লেখ নকৰা বুলি গুৰুতৰ অভিযোগ শিক্ষক সমাজৰ।

নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে মন্ত্ৰী গৰাকীয়ে ঠিকাভিত্তিক কৰ্মৰত  টেট্ উত্তীৰ্ণ শিক্ষকক বেংক ঋণ, স্বাস্থ্য বীমা আদিৰ সুবিধা দিয়াৰ কথা আৰু বহুদিনীয়া দাবী অনুসৰি  ১১ হাজাৰ ষ্টেটপুল শিক্ষকক নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা দিয়া ঘোষণাটোও আদৰণীয় বুলি কয় যদিও তেওঁলোকৰ মূল দাবীৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে একো উল্লেখ নকৰিলে বুলি অভিযোগ কৰে।

তেওঁ কয় ‘শিক্ষকৰ চাকৰিৰ সুৰক্ষাৰ কথা মন্ত্ৰী গৰাকীয়ে কৈছে যদিও সেইটো কি হিচাপত দিব সেইটোহে লক্ষণীয় হ’ব। মাধ্যমিক শিক্ষাৰ অধীনত যদি চাকৰিৰ নিৰাপত্তা কৰে তেন্তে ক’বলগীয়া নাই কিন্তু সৰ্বশিক্ষাৰ অধীনত দিলে তেওঁলোকৰে নিজৰে অৱস্থা নাই। তদুপৰি সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক টেট্ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ বাবে সংবাদমেলত কোনো ধৰণৰ ঘোষণা নকৰাত শিক্ষক সমাজ আশাহত হৈছে।‘

তদুপৰি, ৰচিদে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকসকলক বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰিৰ নিয়মীয়াকৰণ কৰিবলৈ আহ্বান জনায়।

ইপিনে এক প্ৰেছ বিজ্ঞপ্তিযোগে শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই কয় ‘বিজেপি দলৰ যোৱা বিধান সভাৰ “ভিজন ডকুমেণ্ট” ত স্পষ্টকৈ উল্লেখ থকা “টেট্ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ” বিষয়টোক চৰকাৰখনে অবহেলা কৰাটো উচিত হোৱা নাই। বিগত সময়ত টেট্ উত্তীৰ্ণ শিক্ষক সকলে বাধ্যত পৰি ৰাজপথত নিজৰ প্ৰাপ্যৰ বাবে আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল।‘

তেওঁ আৰু কয় ‘বিষয়ৰ গভীৰতা বুজি বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বত ৭ জনীয়া সাংসদ প্ৰতিনিধিৰ দল এটা টেট্ শিক্ষক নিয়মীয়াকৰণৰ বিষয়টোক কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিও অৱগত কৰিছিল।‘

আনহাতে, প্ৰাক্তন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে সদৌ অসম  প্ৰাথমিক টেট্ উত্তীৰ্ণ  শিক্ষক সমাজৰ নেতৃবৃন্দৰ  আনুষ্ঠানিক আলোচনাও সম্পন্ন হৈছিল বুলিও তেওঁ বিজ্ঞপ্তিটোত উল্লেখ কৰে।

তেওঁ কয় ‘এই আলোচনাৰ মাইনুটচ অনুযায়ী শিক্ষক সমাজে নিয়মীয়াকৰণৰ “মডেলিটী” ও বিভাগীয় মন্ত্ৰী আৰু বিষয়াক দাখিল কৰিছিল। কিন্তু তাৰ কিছুদিন পিছতেই  শিক্ষা মন্ত্ৰীৰ সলনি হ’ল। এনে ক্ষেত্ৰত নিয়মীয়াকৰণৰ আগবাঢ়ি থকা বিষয়টো পুনৰ প্ৰথমৰ পৰা যেন আৰম্ভ কৰিবলগীয়া নহয় তাৰ বাবে শিক্ষক সমাজে শিক্ষা মন্ত্ৰী ড° শৰ্মাক অনুৰোধ জনাইছো।‘