NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰ মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতাত শালনা চাহ বাগিচা জয়ী

Posted by: ৰিদিপ শৰ্ম্মা February 11, 2018 9:48 pm
football1
চাহ জনজাতিৰ যুৱ প্ৰজন্মৰ মাজত থকা ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰা মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতাৰ অংশ হিচাপে যোৱা ২৮ জানুৱাৰিৰ পৰা কলিয়াবৰৰ শিলঘাটত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ আজি দেওবাৰে অন্ত পৰে।
প্ৰতিযোগিতাখনত কলিয়াবৰ অঞ্চলৰ চাহ বাগিচাবোৰৰ মাজৰ মুঠ ১৮টা দলে অংশগ্ৰহণ কৰিছিল। প্ৰথম পৰ্য্যায়কেইটাৰ পিছত শালনা চাহ বাগিচা আৰু সোণাৰি চাহ বাগিচা দল দুটা ফাইনেলত উপনীত হৈছিল। দেওবাৰে বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত দুয়োটা দলেই জয়ী হোৱাৰ বাবে তীব্ৰ যুঁজ দিয়ে যদিও মূৰকত খেলখনত শালনা চাহ বাগিচা দলে সোণাৰি চাহ বাগিচা দলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে।
উল্লেখযোগ্য যে বিশেষভাৱে ফুটবলত চাহ জনজাতিৰ যুৱকসকলক আগুৱাই নিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ চাহ-জনজাতি ফুটবল প্ৰতিযোগিতাৰ প্ৰচলন কৰা হৈছে। ইতিপূৰ্বে বোকাখাত সমষ্টিৰ খেলবোৰ হৈ গৈছিল।