NORTHEAST NOW (Assamese)
অসম

বছৰত মাত্ৰ এটা দিনৰ বাবে খোলা এখন দোকান; কি বিক্ৰী হয় ইয়াত, যাৰ বাবে গ্ৰাহক অধীৰ হৈ থাকে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 3, 2020 4:14 pm
Malpowa Shop

অতিকৈ আচহুৱা এখন দোকানৰ আমোদজনক কাহিনী জানি আপুনি আচৰিত হ’ব পাৰে।

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত থকা এই দোকানখনৰ আটাইতকৈ ব্যতিক্ৰম কথাটো হ’ল ইয়াক বছৰত মাত্ৰ এটা দিনৰ বাবেহে খোলা হয়।

স্থানীয় লোকসকল পৰম আগ্ৰহেৰে এই দিনটোলৈ অপেক্ষা কৰি থাকে আৰু গ্ৰাহক হ’বলৈ দীঘলীয়া শাৰীত ৰাতিৰ পৰাই থিয় হয়।

আচলতে কিনো বিক্ৰী হয় ইয়াত?

আচৰিত কথা যে উক্ত দিনটোত কেৱল গৰম গৰম মালপোৱা বিক্ৰী কৰা হয় দোকানখনত। স্থানীয় লোকৰ দাবী যে এই মালপোৱাৰ সোৱাদ অতুলনীয় আৰু ই এটা নজহা-নপমা খ্যাতি আৰ্জিছে।

দোকানখন প্ৰতি বছৰে হৰিয়ালি অমাৱস্যাত খোলা হয় আৰু স্থানীয় লোকসকল এই মালপোৱাৰ সোৱাদ ল’বলৈ উবুৰি খাই পৰে।

স্থানীয় লোকে কয় যে মালপোৱাতো অতুলনীয় সোৱাদৰ হয়েই, ইয়াক পৰিৱেশন কৰাৰো এটা সুকীয়া শৈলী আছে। পলাশ গছৰ পাতত এই মালপোৱা বিতৰণ কৰা হয়।

যোৱা ছবছৰে দোকানখনে এই পৰম্পৰা আৰু খ্যাতি অটুট ৰাখিছে।