NORTHEAST NOW (Assamese)
Popular Stories

বিমান যাত্ৰাৰ সময়ত পুৰুষ যাত্ৰীক অশ্লীল প্ৰস্তাৱ; ছয়মাহৰ শাস্তি এইগৰাকী মহিলাক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 5, 2020 6:55 am
Flight Image

বিমান যাত্ৰাৰ সময়ত পুৰুষ যাত্ৰীক অশ্লীল যৌন ইংগিত দিয়াৰ অপৰাধত ব্ৰিটিছ আদালতে লুইছ হোৱাইট নামৰ এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত কৰে।

৩৮ বছৰীয়া লুইছ হোৱাইটে ইংলেণ্ডৰ পৰা তুৰ্কীলৈ কৰা বিমান যাত্ৰাৰ সময়ত অত্যাধিক সুৰাপান কৰি এগৰাকী পুৰুষ কৰ্মীক যৌন নিৰ্যাতন চলায়।

পতিৰ সৈতে বিচ্ছেদ ঘটাৰ পাছত লুইছে নিজৰ ৭ বছৰীয়া কন্যাৰ সৈতে তুৰ্কীলৈ ফুৰিবলৈ গৈছিল।

আদালতত উত্থাপিত অভিযোগ অনুসৰি লুইছে নিজৰ ১১ বছৰীয়া পুত্ৰৰ সৈতে যাত্ৰা কৰি থকা এগৰাকী লোকৰ সন্মুখতে নিজৰ কাপোৰ খুলি অশ্লীল ইংগিত দিয়ে।

ইংলেণ্ডৰ পৰা উৰা মৰা বিমানখনে তুৰ্কীত অৱতৰণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়।

লুইছে যৌন নিৰ্যাতন চলোৱাৰ সময়ত পুৰুষ যাত্ৰী গৰাকীয়ে আতংকিত হয় বিমানৰ এলাৰ্ম বজাই বিমান কৰ্মীক কথাটো অৱগত কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পাছত লুইছক বিমানতে আবদ্ধ কৰি ৰখা হয় আৰু ইংলেণ্ডলৈ ওভতাই অনা হয়।

সমগ্ৰ ঘটনা সন্দৰ্ভত ব্ৰিটিছ আদালতত বিচাৰ হয় আৰু আদালতে লুইছক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি বিহে।