NORTHEAST NOW (Assamese)
Popular Stories

কে এল ৰাহুলৰ অথিয়াৰ সৈতে প্ৰেমৰ সম্পৰ্ক; বলিউদৰ কোন জনপ্ৰিয় অভিনেতাৰ কন্যা অথিয়া?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2020 8:22 am
Rahul

বৰ্তমান সময়ত ক্ৰিকেটৰ পথাৰত কে এল ৰাহুলৰ ফৰ্মৰ লগতে অভিনেতা সুনীল ছেট্টিৰ কন্যা অথিয়া ছেট্টিৰ সৈতে খেলুৱৈ গৰাকীৰ প্ৰেমৰ সম্পৰ্কই চৰ্চা লাভ কৰিছে।

কে এল ৰাহুল আৰু অথিয়া ছেট্টিয়ে সঘনে ডেটিঙত যোৱাৰ লগতে ডাঙৰ কথাটো হ’ল দুয়োৰ মাজত থকা এই সম্পৰ্কক লৈ কোনোধৰণৰ আপত্তি নাই অভিনেতা পিতৃ সুনীল ছেট্টিৰ।

কিন্তু সংবাদ কৰ্মী সকলে বাৰে বাৰে দুয়োৰো মাজত চলি থকা সম্পৰ্কক লৈ সুনীল ছেট্টিক প্ৰশ্ন কৰি থকাত বিৰক্ত হৈ পৰিছে অভিনেতা গৰাকী।

কেইদিনমান পূৰ্বে সুনীল ছেট্টিয়ে মুম্বাইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু সংবাদমেলত অভিনেতা গৰাকীক ৰাহুল আৰু অথিয়াৰ সম্পৰ্ক সন্দৰ্ভত প্ৰশ্ন কৰাত অসন্তুষ্ট হৈ পৰে ছেট্টি।

‘‘মই সম্পৰ্কত নাই। দুয়োৰো মাজত চলি থকা সম্পৰ্ক যদি সঁচা হয় তেন্তে আপোনালোকে আহি মোক জনাব আমি মিলি এই বিষয়ত চৰ্চা কৰিম,’’ ছেট্টিয়ে কয়।

উল্লেখযোগ্য যে, বিগত সময়ত কে এল ৰাহুলে ভাৰতীয় জাতীয় দলৰ হৈ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

ৰাহুলে শেহতীয়াকৈ উইকেটৰক্ষকৰ ভূমিকাতো অৱতীৰ্ণ হোৱাৰ লগতে সদ্য ঘোষিত টি-২০ ৰেকিং অনুসৰি বেটিঙৰ সৰ্বোচ্চ দ্বিতীয় স্থানত উপনীত হৈছে।