NORTHEAST NOW (Assamese)
অসম

আধাৰ-সংযোগ : ১৭ কোটিতকৈ অধিক পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব পাৰে অচিৰেই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2020 9:38 pm
Aadhaar-and-PAN-link-750x375

আয়কৰ বিভাগে অচিৰেই দেশৰ ১৭ কোটিতকৈ অধিক পান কাৰ্ড নিষ্ক্ৰিয় কৰিব পাৰে।

বিভাগটোৱে দেশৰ সকলো পানকাৰ্ডধাৰীক তেওঁলোকৰ পান কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰিবলৈ এতিয়ালৈকে বহুকেইবাৰ জাননী দিলে যদিও ১৭ কোটিতকৈ অধিক কাৰ্ডধাৰীয়ে এতিয়াও সেয়া কৰা নাই।

জানিব পৰামতে, আয়কৰ বিভাগে ইয়াৰ বাবে সময়সীমা ৮বাৰকৈ বৃদ্ধি কৰিছে।

বিত্ত বিধেয়ক, ২০১৯ (Finance Bill, 2019)-ৰ সংশোধনৰ পিছত আয়কৰ বিভাগক এই আধাৰ সংযোগবিহীন কাৰ্ডবোৰ নিষ্ক্ৰিয় কৰাৰ অনুমতি দিছে।

“যদি এজন ব্যক্তিয়ে আধাৰ নম্বৰ সংযোগ কৰাত ব্যৰ্থ হৈছে, তেনে ব্যক্তিৰ বিপৰীতে থকা পান নম্বৰ জাননীত দিয়া তাৰিখৰ পিছত নিয়ম অনুযায়ী নিষ্ক্ৰিয় কৰা হ’ব”, আয়কৰ আইনৰ ধাৰা 139AA দফা 41-ত এইদৰে কোৱা হৈছে।

সংশোধনটো ২০১৯ চনৰ ১ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হৈছে।

ইয়াৰ পৰা স্পষ্ট হয় যে এই নিষ্ক্ৰিয়কৃত পান কাৰ্ডবোৰ আধাৰ সংযোগ নকৰিলে কামত নহা হৈ পৰিব।

বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে লোকসভাত দিয়া তথ্যমতে, জানুৱাৰি মাহলৈকে ৩০.৭৫ কোটি পান কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰা হৈছে।

সংযোগবিহীন হৈ থকা পান কাৰ্ডৰ সংখ্যা ১৭.৫৮ কোটি।

বিভাগটোৱে পান কাৰ্ডৰ সৈতে আধাৰ সংযোগৰ সময়সীমা শেহতীয়াকৈ ২০১৯ চনৰ ৩১ ডিচেম্বৰ কৰিছিল যদিও ইয়াক পুনৰ বৃদ্ধি কৰি ২০২০ চনৰ ৩ মাৰ্চ কৰিছে।

“বৰ্ধিত সময়ছোৱাই পানকাৰ্ডধাৰী লোকসকলক উপকৃত কৰিব, কাৰণ তেওঁলোকে তাৰ বাবে প্ৰয়োজনীয় কিছু অতিৰিক্ত সময় পাব”, ঠাকুৰৰ মন্তব্য।

আয়কৰ বিভাগৰ তথ্য মতে, ভাৰতত ৪৮ কোটিতকৈ অধিক লোকৰ পান কাৰ্ড আছে। ইয়াৰ বিপৰীতে ১২০ কোটিতকৈ অধিক লোকৰ আধাৰ কাৰ্ড আছে।

আধাৰ সংযোগ কৰা হ’লে আয়কৰ সম্পৰ্কীয় কামত দুয়োটা পৰিচয়বাহক কাৰ্ড পৰস্পৰ ঠাইত ব্যৱহাৰ কৰিব পৰা যাব। যদি দুয়োটা সংযোগ কৰা নহয়, আৰু আপুনি যদি পান কাৰ্ডৰ ঠাইত আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে, তেন্তে আয়কৰ বিভাগে আপোনাৰ বাবে স্বয়ংক্ৰিয়ভাৱে এটা নতুন পান কাৰ্ড জাৰি কৰিব পাৰে।