NORTHEAST NOW (Assamese)
Popular Stories

সদৌ ভাৰত পথ পৰিবহণ শ্ৰমিক ফেডাৰে’চন আহ্বায়িত দেশজোৰা বন্ধত স্তব্ধ সমগ্ৰ অসমৰ লগতে গুৱাহাটীৰ পৰিবহণ

Posted by: নবাৰুন গুহ February 12, 2018 11:28 pm
assam-bandh

সদৌ ভাৰত পথ পৰিবহণ শ্ৰমিক ফেডাৰে’চন (AIRTWF)এ আজি পুৱা ৫ বজাৰে পৰা আহ্বান জনোৱা ২৪ ঘণ্টীয়া ভাৰত বন্ধই গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰে জনজীৱন ব্যাহত কৰে।

শ্ৰমিকসকলক বিভিন্ন সা-সুবিধা প্ৰদানৰ দাবীত সৰ্বভাৰতীয় শ্ৰমিক সংগঠনটোৱে আহ্বান জনোৱা এই বন্ধলৈ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া সংস্থা (AAMWJU), সদৌ অসম মটৰ শ্ৰমিক ফেডাৰে’চন (AAMSF) আৰু অসম পে’ট্ৰলিয়াম মজদুৰ সংস্থা (APMU)ৰ লগতে বিভিন্ন মটৰ শ্ৰমিক সংস্থাসমূহে সমৰ্থন আগবঢ়ায়।

সদৌ ভাৰত পৰিবহণ শ্ৰমিক ফেডাৰে’চনৰ অসম শাখাৰ সম্পাদক বীৰেন শৰ্মাই কয়, ‘আমাক আমাৰ সন্তানৰ বাবে সুৰক্ষা লাগে। এদিন কামলৈ নগ’লেই আমাৰ টান হয়। আমি সেয়ে এনে এখন আইনৰ দাবী কৰিছো যি আমাক আমাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ নিশ্চিতি দিয়ে।’

ফেডাৰে’চনটোৱে পৰিবহণ শ্ৰমিকসকলৰ বাবে পেঞ্চন, পৰিয়ালৰ লোকৰ চিকিৎসা সুবিধা, সন্তানৰ শিক্ষাৰ বাবে আৰ্থিক সাহায্য আৰু গাড়ীৰ চালক তথা সহায়কাৰীসকলক প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ দাবী জনাইছে।

তেওঁ লগতে কয়, ‘চৰকাৰে বীমা, পঞ্জীয়ন আৰু অন্যান্য ক্ষেত্ৰটো মাচুল বৃদ্ধি কৰিছে যিটো মানি চলাটো আমাৰ বাবে খুব কষ্টকৰ।’

বন্ধৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিব লগা হোৱাতো স্বীকাৰ কৰি শ্ৰমিক নেতাজনে কয়, ‘আমাৰ উপায় নাই, কাৰণ চৰকাৰে আমাৰ দাবীসমূহৰ প্ৰতি যথাযোগ্য গুৰুত্ব প্ৰদান কৰা নাই।’

গুৱাহাটীত আজি সপ্তাহটোৰ প্ৰথমটো খোলা বাৰতে হোৱা এই বন্ধৰ ফলত যাত্ৰীসকল ব্যাপক অসুবিধাৰ সম্মুখীন হ’ব লগা হয়।

এ এচ টি চিৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে ‘অতিৰিক্ত ৩০ খন বাচ’ চলোৱা বুলি জনাইছে যদিও বৃ্হৎসংখ্যক যাত্ৰীৰ বিপৰীতে এই বাচৰ সংখ্যা আছিল তেনেই কম।

আনহাতে আজি গুৱাহাটীত এপভিত্তিক টেক্সি অ’লা আৰু উবেৰৰ গাড়ীও আছিল কম আৰু ভাৰা আছিল অইন দিনৰ সাধাৰণ ভাৰাতকৈ বহুগুণে বেছি।