NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য; জানক বৰ্দ্ধিত মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2020 4:13 pm
Gas-cylinder-book-can-also-be-done-by-Facebook-and-Twitter-2

প্ৰতি দিনে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে দেশবাসীক জুৰলা কৰাৰ সময়তে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

দেশবাসীৰ মূৰত মাধমাৰ সোধাই ইন্ধনৰ দেশৰ বৃহত্তম খুচৰা বিক্ৰেতা ইণ্ডিয়ান অ’ইল কৰ্প’ৰেইশ্যনে জাৰি কৰা এটা বিজ্ঞপ্তিত এই ৰাজসাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰৰ দাম  ১৪৪.৫০ টকাৰ পৰা ১৪৯ টকালৈ টকা বৃদ্ধি কৰা বুলি জনায়।

এই নিৰিখ আজিৰ পৰা কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে।

বৰ্দ্ধিত নিৰিখ অনুসৰি দেশৰ ৰাজধানী দিল্লীত এতিয়াৰে পৰা ৰাজসাহায্য বিহীন ১৪.২ কেজি ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৮৫৮.৫ টকা হ’ব।

আনহাতে কলিকতাত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১৪৯ টকা, মুম্বাইত ১৪৫ টকা আৰু চেন্নাইত ১৪৭ টকা বৃদ্ধি পাইছে।

সামগ্ৰিকভাৱে সামগ্ৰীৰ দাম বজাৰত বৃদ্ধিৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ বৃদ্ধি স্বাভাৱিকতে মধ্যবিত্তৰ বাবে চিন্তাজনক।

ইয়াৰ পূৰ্বে বছৰৰ প্ৰথম দিনটোেতে গুৱাহাটীত ১৯ টকাকৈ বৃদ্ধি পাইছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

উল্লেখ্য যে  আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আৰু আমেৰিকান ডলাৰ আৰু ভাৰতীয় টকাৰ বিনিময়ৰ দৰৰ দৰে দুটা প্ৰধান কাৰকৰ ওপৰতে নিৰ্ভৰ কৰে ভাৰতত গেছ চিলিণ্ডাৰৰ মূল্য।

ইয়াৰ পূৰ্বে গুৱাহাটীত ৰাজসাহায্যবিহীন প্ৰতিটো ১৪.২ কিলোগ্ৰমামৰ চিলিণ্ডাৰৰ মূল্য আছিল ৭৪৪.৫০ টকা।