NORTHEAST NOW (Assamese)
Popular Stories

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ চৈয়দক কাৰাগাৰলৈ প্ৰেৰণ আদালতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2020 11:55 am
Hafeez

ভয়াবহ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দক বুধবাৰে পাকিস্তানৰ আদালতে কঠোৰ শাস্তি প্ৰদান কৰে।

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা লস্কৰ–ই–তৈবা (এলইটি)ৰ প্রতিষ্ঠাতা তথা জামাত-উদ-দাৱাৰ প্ৰধান হাফিজক সন্ত্ৰাসবাদী কাৰ্যকলাপত পুঁজি যোগান ধৰাৰ দুটাকৈ গোচৰত দেশখনৰ এখন সন্ত্ৰাসবাদ প্ৰতিৰোধী আদালতে পাঁচ বছৰ ছয়মাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

আদালতে তেওঁক লগতে দুয়োটা গোচৰত ১৫ হাজাৰকৈ টকাও জৰিমনা বিহে৷

উল্লেখ্য যে প্ৰথমাৱস্থাত গোচৰ দুটাৰ শুনানি গুজৰাৱাল এ টি চিত হৈছিল যদিও পাছত লাহোৰ উচ্চ আদালতৰ নিৰ্দেশত লাহোৰ এ টি চিলৈ স্থানান্তৰিত হয়।

আদালতখনে দুয়োটা গোচৰৰ বাবে ২৩ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল।

দেশখনৰ সন্ত্রাসবিৰোধী আইন (এ টি চি)ৰ ১১এফ (২) আৰু ১১–এন ধাৰাৰ অধীনত লাহোৰৰ আদালতখনে দোষী সাব্যস্ত কৰিছে হাফিজক।

এ টি চিৰ বিচাৰপতি আর্শ্বাদ হুছেইন ভাট্টাই ছয়দৰ বিৰুদ্ধে ঘোষণা কৰে শাস্তিৰ ৰায়।

উল্লেখ্য যে ২০০৮ চনৰ ২৬/১১ৰ মুম্বাইত সংঘটিত আক্ৰমণৰ পিছতে য়ুনাইটেড নেশ্যনছ চিকিউৰিটি কাউন্সিলে হাফিজ চৈয়দক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল। উক্ত আক্ৰমণটোত ১৬৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।