NORTHEAST NOW (Assamese)
Popular Stories

অসমত উপলব্ধ ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক, কি এই প্ৰতিষেধক?  

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 14, 2020 12:16 pm
c510b18c-4cef-4902-8208-5313b56dd99c

আয়ুস মন্ত্ৰ্যালয়ৰ পৰা লাভ কৰা নিৰ্দেশনাৰ পাছতে হোমিঅ’পেথিক চিকিৎসাৰ জৰিয়তে আপুনি আগতীয়াকৈ ল’ব পাৰিব ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক। অসমত ইতিমধ্যে আৰম্ভ হৈছে এই প্ৰতিষেধক ল’ব পৰা ব্যৱস্থা।

আগতীয়াকৈ এই প্ৰতিষেধক সেৱন কৰি এই মাৰাত্মক ভাইৰাছৰ পৰা হাত সাৰিব পাৰে বুলি জানিবলৈ দিয়ে হোমিঅ’পেথিক চিকিৎসক ডা০ ধ্ৰুৱজ্যোতি শৰ্মাই।

আৰ্চেনিকাম এলবাম ২০০ নামৰ এই দৰববিধ অসমৰ প্ৰত্যেকখন হোমিঅ’পেথিক চিকিৎসালয়, ষ্ট’ৰ অথবা ফাৰ্মাচীত উপলব্ধ বুলি তেওঁ জানিবলৈ দিয়ে। এই প্ৰতিষেধকৰ মূল্য ৩০ ৰ পৰা ৫০ টকা বুলি চিকিৎসকগৰাকীয়ে জনায়।

ইতিমধ্যে মণিপুৰৰ স্বাস্থ্য সঞ্চালকালয়ে এক জাননীৰ জৰিয়তে এই দৰৱবিধ সেৱন কৰি আগতীয়াকৈ এই মাৰাত্মক ভাইৰাছৰ আক্ৰমণৰ পৰা সাৱধান হ’বলৈ আহ্বান জনাইছে।

এই প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে অন্য কিছু সাৱধনতা অৱলম্বনৰ বাবেও চিকিৎসকগৰাকীয়ে আহ্বান জনাই কয়, ‘ভালদৰে হাতখন ধুই চাফা কৰি ৰাখিব লাগে। লগতে জনসাধাৰণে চাফ-চিকুণতা অৱলম্বন কৰিব লাগিব। এই দিনকেইটাত আমি নিজকে অতি সযতনে ৰখাটো বহু দৰকাৰ।‘

ইতিমধ্যে উজনি অসমত ডা০ মনোজ শৰ্মা, নেকিব দাস আৰু নামনি অসমত ধ্ৰুৱজ্যোতি শৰ্মাকে ধৰি অন্য দুজনে এই প্ৰতিষেধক প্ৰদান কৰি আছে।

উল্লেখযোগ্য যে, এই ভাইৰাছে চীন দেশত মাৰাত্মক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিদিনে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ হাৰো দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

চীনত বৰ্তমানলৈকে ১৩৬৭ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে। লগতে বৰ্তমানলৈকে ৫৯,৮০৫ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে।