NORTHEAST NOW (Assamese)
Popular Stories

বুমৰাহক অধিক আক্ৰমণাত্মক হোৱাৰ আহ্বান এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2020 2:09 pm
Bumrah

বিশ্বৰ অন্যতম আগশাৰীৰ পেচ বলাৰ যশপ্ৰীত বুমৰাহে নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাত অধিক আক্ৰমণাত্মক ৰূপত বলিং কৰিব লাগিব বুলি ভাৰতীয় দলৰ প্ৰাক্তন বেগী বলাৰ জাহিৰ খানে মন্তব্য কৰিছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত এদনীয়া শৃংখলাত বুমৰাহে এটাও উইকেট দখল কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে তেওঁক এই পৰামৰ্শ আগবঢ়ায়।

আঘাতৰ বাবে চাৰিমাহ ক্ৰিকেটৰ পৰা আঁতৰি থকা বুমৰাহে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাটোত ৩০ অ’ভাৰ বলিং কৰি ১৬৭ ৰান খৰচ কৰি এটাও উইকেট দখল কৰিবলৈ সক্ষম নহ’ল।

ক্ৰিকবাজ ডট কমক দিয়া এক সাক্ষাতত জাহিৰ খানে কয়, ‘বিপক্ষৰ বেটছমেনসকলে বুমৰাহৰ বিৰুদ্ধে সতৰ্কতাৰে খেলিবলৈ লৈছে। এই কথা তেওঁ বুজি পাব লাগিব আৰু উইকেট দখলৰ বাবে তেওঁ অতিৰিক্তভাৱে চাপ সৃষ্টি কৰিব লাগিব’।

ভাৰতে শেহতীয়াভাৱে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাটো ৫-০ত জয়ী হোৱাৰ বিপৰীতে এদিনীয়া শৃংখলাটো ৩-০ত পৰাস্ত হৈছিল। এই শোচনীয় পৰাজয়ৰ অন্যতম কাৰণ আছিল বুমৰাহৰ দুৰ্বল বলিং প্ৰদৰ্শন।

জাহিৰে লগতে কয়, ‘বেটছমেন সকলে বুমৰাহক সন্মান জনোৱাটো ভাল কথা কিন্তু তেওঁ উইকেট দখলৰ বাবে চেষ্টা কৰাটো দলৰ বাবে প্ৰয়োজনীয়। ‘ৰান নিদিয়াৰ কাম মোৰ নহয়, উইকেট দখল কৰাটোহে মোৰ কাম আৰু ইয়াৰ বাবে যদি ৰান যায় যাওক’। এইদৰে বুমৰাহে নিজকে প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে’।

উল্লেখ্য যে অহা ২১ ফেব্ৰুৱাৰিৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব।