NORTHEAST NOW (Assamese)
অসম

কেজৰিৱাল চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বে ৰামলীলা ময়দানত লাগিল নায়কৰ পোষ্টাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2020 12:17 pm
nayak_poster_at_delhi_ramleela_ground_ani_twitter_pic__1581826975

দিল্লীত অৰৱিন্দ কেজৰিৱালে তৃতীয়বাৰৰ বাবে মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে ৰামলীলা ময়দানত লাগিল নায়কৰ পোষ্টাৰ।

উক্ত পোষ্টাৰখনৰ এপিনে ‘নায়ক’ চলচ্চিত্ৰৰ অভিনেতা অনিল কাপুৰৰ ছবি থকাৰ লগতে আনপিনে অৰৱিন্দ কেজৰিৱালৰ ফটো লগোৱা আছে।

আনহাতে, শপত গ্ৰহণৰ পূৰ্বে অৰৱিন্দ কেজৰিৱালে দিল্লীবাসীক টুইট যোগে কয় যে আপোনালোকৰ পুত্ৰক আশীৰ্বাদ দিবলৈ ৰামলীলা ময়দানলৈ নিশ্চয় আহিব।

আজি তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰী হিচাপে অৰবিন্দ কেজৰিৱালে শপত গ্ৰহণ কৰিব আৰু অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ সৈতে মূল মঞ্চত অতিথিৰূপে আসন ল’ব ৫০গৰাকী লোক, য’ত আছে শিক্ষাবিদৰ পৰা চাফাই কৰ্মচাৰীৰ প্ৰতিনিধি, এম্বুলেন্সৰ ড্ৰাইভাৰ ইত্যাদি ব্যক্তি।

কেজৰিৱালৰ সৈতে মূল মঞ্চত মুঠতে ৭০গৰাকী লোক থাকিব।দলটোৱে দাবী কৰা মতে, শপত গ্ৰহণ অনুষ্ঠানত ১লাখ লোক সমৱেত হ’ব।

দিল্লীত তৃতীয়বাৰৰ মুখ্য মন্ত্ৰী হিচাপে শপত লোৱা ব্যক্তি হিচাপে পৰিগণিত হ’ব অৰৱিন্দ কেজৰিৱাল। ইয়াৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ তিনিবাৰকৈ মুখ্য মন্ত্ৰী হিচাপে শপত লৈছিল শীলা দীক্ষিতে।