NORTHEAST NOW (Assamese)
অসম

পুলৱামা চহিদৰ সন্তানলৈ পৰীক্ষাত বিশেষ সুবিধা চি বি এছ ইৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2020 9:01 pm
CBSE

পুলৱামা কাণ্ডৰ এবছৰ পূৰ্তিৰ সময়তে চি বি এছ ইয়ে ঘটনাটোত চহিদবৰণ কৰাসকলৰ সন্তানলৈ চলিত ব’ৰ্ড পৰীক্ষাত বিশেষ সুবিধা আগবঢ়াইছে।

১৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত এই সুবিধাসমূহ আগবঢ়োৱা হৈছে।

পুলৱামা কাণ্ডৰ চহিদ সন্তানলৈ চি বি এছ ইয়ে আগবঢ়োৱা সুবিধাসমূহ হৈছে—

ক) একে বা বেলেগ চহৰলৈ পৰীক্ষা কেন্দ্ৰ সলনিৰ সুবিধা।

খ) কোনো পৰীক্ষাৰ্থী ব্যৱহাৰিক পৰীক্ষাত অনুপস্থিত থাকিলে তেওঁৰ সুবিধা অনুসৰি অহা ২ এপ্ৰিললৈকে পৰীক্ষাত বহিব পাৰিব।

গ) কোনো বিষয়ত তেওঁলোকে পিছত পৰীক্ষাত বহিব খুজিলে সেই সুবিধা প্ৰদান কৰা হৈছে।

এই সুবিধাসমূহ গ্ৰহণ কৰিব খোজা চহিদ সন্তানসকলক তেওঁলোকৰ বিদ্যালয়ৰ জৰিয়তে চি বি এছ ইৰ আঞ্চলিক কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হৈছে।

তাৰোপৰি, বিশেষ সহায়ৰ প্ৰয়োজন থকা পৰীক্ষাৰ্থীসকললৈয়ো ব’ৰ্ডে ৰেহাই আগবঢ়াইছে।

Rights of Persons with Disabilities Act 2016ৰ অধীনত তেওঁলোকক এই সহায় আগবঢ়োৱা হৈছে।