NORTHEAST NOW (Assamese)
অসম

কলকাতাৰ অসম ভৱন চৌহদত বেজবৰুৱাৰ পূৰ্ণাৱয়বৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2020 8:55 pm
statue of Lakshminath Bezbaruah

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কলকাতাৰ ৰাছেল ষ্টীটত থকা অসম ভৱনৰ চৌহদত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বৃহদাকাৰৰ আৰু পূৰ্ণ অৱয়বৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে।

মূৰ্তিটো অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা সাধাৰণ প্ৰশাসন আৰু গড়কাপ্টানী (গৃহ) বিভাগৰ সহযোগত নিৰ্মাণ কৰা হৈছে।

প্ৰায় ২০ লাখ টকা ব্যয়-সাপেক্ষে নিৰ্মিত প্ৰতিটোৰ প্ৰধান ভাস্কৰ্য্যশিল্পী বিজু দাস।

সাহিত্যৰথীৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে বেজবৰুৱাৰ প্ৰতিমূৰ্তিটোৱে অসমীয়া ভাষা, সাহিত্যৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ চানেকি বহন কৰি থকাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত কলা-সংস্কৃতি আৰু ভাষা-সাহিত্যৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব।

“বেজবৰুৱাই কলকাতাৰ পৰাই ৰাজ্যখনৰ ভাষা-সাহিত্যৰ দিশলৈ যথেষ্ট অৱদান আগ বঢ়াই গৈছে”, মুখ্য মন্ত্ৰীয়ে কয়।

তেওঁ প্ৰতিমূৰ্তিটো যাতে সকলো সময়তে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে তাৰ বাবে সঠিক পদক্ষেপ ল’বলৈও অসম ভৱন কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

তেওঁ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা ভাস্কৰ্য্যশিল্পী বিজু দাসৰো শলাগ লয়।

অনুষ্ঠানটোত স্বাস্থ্য, বিত্ত আৰু শিক্ষা বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীও উপস্থিত আছিল।