NORTHEAST NOW (Assamese)
অসম

আলি আঃয়ে লৃগাং উপলক্ষে কাইলৈ মাজুলী জিলা বন্ধ ঘোষণা প্ৰশাসনৰ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ February 18, 2020 3:49 pm

মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ‘আলি আঃয়ে লৃগাং’ উপলক্ষে মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে অহা ১৯ ফেব্ৰুৱাৰি বুধবাৰৰ দিনটো মাজুলী জিলা ‘স্থানীয় বন্ধ’ৰ দিন ঘোষণা কৰিছে।

জিলা দণ্ডাধীশগৰাকীয়ে ১৭ ফেব্ৰুৱাৰিত এই সম্পৰ্কীয় এক আদেশ  জাৰি কৰে।

এই নিৰ্দেশ অনুসৰি অহা ১৯ ফেব্ৰুৱাৰি দিনা মাজুলী জিলাৰ এলেকাধীন সকলো চৰকাৰী কাৰ্য্যালয়, শিক্ষানুষ্ঠান, বেংক, ৰাজ্য চৰকাৰৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, নিগম-নিকায় আৰু আদালত বন্ধ থাকিব।

তদুপৰি, ‘এন আই এক্ট-১৮৮১’ৰ অধীনত জিলা দণ্ডাধীশগৰাকীয়ে জাৰি কৰা এই স্থানীয় বন্ধ জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলেও লাভ কৰিব।

উল্লেখযোগ্য যে মিচিং জনগোষ্ঠী প্ৰধান মাজুলীত প্ৰতি বছৰৰ দৰে এই বাৰো জাকজমকতাৰে আলি আঃয়ে লৃগাং উদযাপন কৰিবলৈ লোৱা হৈছে।

আলি আঃয়ে লৃগাঙৰ দিনটো ৰাজ্য চৰকাৰে চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত নকৰাক লৈ মিচিং দল-সংগঠনে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰি আহিছে।

এই দিনটোত প্ৰশাসনে প্ৰতি বছৰে অঞ্চল বিশেষে স্থানীয় বন্ধ ঘোষণা কৰি আহিছে।

শেহতীয়াকৈ মিচিং জনগোষ্ঠীৰ দল-সংগঠনে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি এই দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছে।