NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত সক্ৰিয় হৈ উঠিছে গৰুৰ চোৰাংবেপাৰী চক্ৰ

Posted by: অভিক চক্ৰবৰ্তী February 13, 2018 7:33 pm
Illegal cattle trade rise in Dibrugarh

ডিব্ৰুগড় জিলাত গৰুৰ চোৰাংবেপাৰী চক্ৰ ক্ৰমাৎ সক্ৰিয় হৈ পৰা দেখা গৈছে। গোমাংসৰ চাহিদা বাঢ়ি যোৱাৰ সমান্তৰালভাৱে জিলাখনত গৰু সৰবৰাহৰ ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে।

প্ৰাপ্ত তথ্য মতে মঙলবাৰে অবৈধভাৱে গৰু কঢ়িওৱা ০৫চি ৫৩২৮ নম্বৰৰ এখন গাড়ী ডিব্ৰুগড়ৰ গ্ৰেহেমবজাৰ মাজেৰে পাৰ হৈ গৈছিল যদিও জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগে গাড়ীখনক ধৰাৰ কোনো ব্যৱস্থা নললে। গাড়ীখনত ৪টা গৰু কঢ়িয়াই নিয়া হৈছিল।

এক সূত্ৰই জনোৱা অনুসৰি গৰুৰ চোৰাংবেপাৰী চক্ৰৰ সৈতে গোপন বুজাবুজি থকা ডিব্ৰুগড় যান-বাহন আৰক্ষী শাখাই তেওঁলোকক তথ্যপাতিৰ পৰীক্ষা নকৰাকৈয়ে চেকগেটৰ মাজেৰে পাৰ হোৱাৰ অনুমতি দিয়ে।

খবৰ মতে ডিব্ৰুগড়ত গৰুৰ চোৰাংবেপাৰী সকলে আইন নিজৰ হাতত তুলি লৈ বেপাৰ চলাই আহিছে। জিলাখনত এতিয়া কোনোধৰণৰ লাগতিয়াল তথ্যপাতি নোহোৱাকৈয়ে দিনে-নিশাই গৰু কঢ়িওৱা গাড়ী নিয়মিতভাৱে চলাচল কৰি থাকে।

ৰাতিৰ ভাগত পথত থকা গৰুক উঠাই নি কচাইখানাত বিক্ৰী কৰা হয়।

এটা সূত্ৰই কয়, ‘অৰুণাচলত গোমাংসৰ বহুত চাহিদা আছে, গৰুৰ চোৰাংবেপাৰী বিলাকে পথত থকা গৰুবোৰক ধৰি নি অৰুণাচললৈ সৰবৰাহ কৰে। কেতিয়াবা তেওঁলোকে জলপথৰেও গৰু সৰবৰাহ কৰে।’