NORTHEAST NOW (Assamese)
অসম

কলমপুৰত পুৱতি নিশা আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুই দুৰ্ধৰ্ষ ডকাইত

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা February 19, 2020 7:54 am
Kamalpur Story

কামৰূপ (গ্ৰাম্য) জিলাৰ কমলপুৰত মঙলবাৰে নিশা আৰক্ষীৰ অভিযানত বহিঃৰাজ্যৰ দুজন দুৰ্ধৰ্ষ ডকাইত আটক হয়।

কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰা বহিঃৰাজ্যৰ ডকাইত দুজন ক্ৰমে হৰেন্দ্ৰ মাহাতো আৰু ৰাজীব কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

দুই দুৰ্ধৰ্ষ ডকাইত হৰেন্দ্ৰ মাহাতো আৰু ৰাজীৱ কুমাৰৰ ঘৰ বিহাৰৰ মুজাফৰপুৰত।

জানিব পৰা মতে, মঙলবাৰে নিশা কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাৰ ইউনিছৰ ৰহমান নামৰ ব্যক্তি গৰাকীৰ বাসগৃহত ভাৰতীয়া হিচাপে থকা আলপেচ সিঙৰ ভাৰাঘৰত এই চাঞ্চল্যৰ ডকাইতিৰ কাণ্ড সংঘটিত হৈছিল।

ডকাইত কেইজনে নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰি পৰিয়ালৰ লোকক অচেতন কৰি চাৰে তিনি লাখ টকা সামগ্ৰী লুট কৰি লৈ যায়।

ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষী থানাক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ এটা অভিযানকাৰী দল উপস্থিত হৈ অভিযান চলাই পুৱতি নিশা মৰাণজানত দুৰ্ধৰ্ষ ডকাইত দুজনক আটক কৰে আৰু লুট কৰা টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।