NORTHEAST NOW (Assamese)
অসম

চিগাৰেট এৰাৰ ঘৰুৱা উপায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2020 5:20 pm
Home remedies that help quit smoking

ধূমপানে কৰা ক্ষতিৰ বিষয়ে সকলোৱে জানে? কিন্তু ইয়াক পৰিত্যাগ কৰিব কেনেকৈ?

এই বদ অভ্যাস এৰাৰ কেইটামান ঘৰুৱা উপায় আপোনালোকলৈ আগবঢ়োৱা হৈছে।

ঔটছ

ঔটছে ধূমপানৰ ইচ্ছা কম কৰে। খাবৰ বাবে দুকাপ পানীত এচামুচ ঔটছ ৰাতিটো তিয়াই ৰাখিব। পুৱা গৰম কৰি খাব।

পানী

ধঁপাতৰ নিক’টিন নিচা (addiction) সৃষ্টিকাৰী হোৱা বাবে ইয়াক এৰা টান। পানীয়ে এই অভ্যাস আঁতৰ কৰাত সহায় কৰিব পাৰে।

আদা

ধূমপান এৰাৰ বাবে চেষ্টা কৰোতে সন্মুখীন হোৱা অসুবিধা দূৰ কৰাৰ বাবে আপুনি আদা খাব পাৰে। আদাই পেটৰ সমস্যাও দূৰ কৰে আৰু ইয়াক চাহৰ লগতো খাব পাৰি।

আঙুৰৰ ৰস
আঙুৰৰ ৰসে নিক’টিনৰ নিচা আঁতৰ কৰাত সহায় কৰে।

মৌ
মৌৱেও আপোনাক ধূমপান এৰাত সহায় কৰিব পাৰে।