NORTHEAST NOW (Assamese)
অসম

মহিলাৰ বাবে বিনামূলীয়া হ’ব দিল্লী মেট্ৰ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2020 6:19 pm
AAP Govt to make metro ride free for women in Delhi

আপ নেতৃত্বাধীন দিল্লীৰ নৱ নিৰ্বাচিত চৰকাৰে মহিলাৰ বাবে মেট্ৰ’ ৰেল যাত্ৰা বিনামূলীয়া কৰাৰ দিশে আগবাঢ়িছে।

দিল্লীৰ পৰিৱহণ মন্ত্ৰী কৈলাশ গেহলটৰ মন্তব্যৰ উল্লেখেৰে প্ৰকাশিত বাতৰিমতে তেওঁ এই সন্দৰ্ভত কেন্দ্ৰৰ সৈতে আলোচনা চলাই আছে।

মন্ত্ৰীগৰাকীয়ে কয় যে আপ চৰকাৰে আঁচনিখনৰ সমষ্ট ব্যয় দিল্লী মেট্ৰ’ ৰেল কৰ্প’ৰেচনক পৰিশোধ কৰিব।

আপ চৰকাৰে দাবী কৰি আহিছে যে এই আঁচনিৰ ফলত দিল্লী মেট্ৰ’ত মহিলা যাত্ৰীৰ সংখ্যা ৫০ শতাংশলৈ বৃদ্ধি পাব।

বৰ্তমান মেট্ৰ’ত মহিলা যাত্ৰীৰ সংখ্যা ৩০ শতাংশ।