NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ বালিত বিশুদ্ধ খোৱাপানীৰ সন্ধান গঞাৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক February 20, 2020 6:45 am
world-water-day-2015.jpg1

চৰকাৰে জনসাধাৰনক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ যিমানেই বিভিন্ন আঁচনি গ্ৰহণ নকৰক কিয় কায্যত এতিয়াও ৰাজ্যৰ বহু অঞ্চলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ কৰিব লগীয়া হয় l

যোৰহাট জিলাৰ টীয়কৰ বান্যাক্ৰান্ত জাঁজীমুখ জপং গাঁৱত বৰ্তমান এটুপি  বিশুদ্ধ খোৱাপানীৰ বাবে জনসাধাৰণ ভীষণ সমস্যাত পৰা দেখা গৈছে l

জাঁজীমুখ জপং গাঁৱৰ জনসাধাৰণে বিশুদ্ধ খোৱাপানীৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বালিত বহুদূৰ খোজকাঢ়ি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বছৰ বছৰ ধৰি চলি আহিছে তেঁওলোকৰ এই সংগ্ৰাম।

চৰকাৰ আহিছে আৰু গৈছে কিন্তু স্থায়ী হৈ ৰৈছে টীয়ক বিধান সভা সমষ্টিৰ অৰ্ন্তগত এই জাঁজীমুখ অঞ্চলৰ গাঁৱৰ খোৱাপানীৰ সমস্যাটো।

জাঁজীমুখ জপং গাঁৱৰ লোকসকলে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে প্ৰতি বছৰে খৰালিত বালিত গাঁত খান্দি খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়।

আজিৰ চৰকাৰখনে জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যদিও  টীয়কৰ জাঁজীমুখৰ জপংগাঁৱৰ খোৱা পানীৰ সমস্যাৰ কিয় সমাধান হোৱা নাই সি এক সাঁথৰ হৈ পৰিছে l

বৰ্তমান খৰালি খোৱাপানীৰ নাটনীৰ সময়ত চৰকাৰৰ নিৰ্দিষ্ট বিভাগে  অতী শীঘ্ৰে এই গাঁৱত দমকল অথবা অন্যান্য ব্যৱস্থাৰে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে l

এতিয়া গাঁৱবাসীৰ মনত এটাই প্ৰশ্ন যে বিশুদ্ধ খোৱাপানীৰ সমস্য সমাধানৰ ওপৰত কেতিয়া গুৰুত্ব দিব চৰকাৰে ।  টীয়কৰ জাজীমুখৰ ৰাইজে তৎকালিন ভাৱে খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে l