NORTHEAST NOW (Assamese)
অসম

টীয়কৰ নতুন চক্ৰ বিষয়া হিচাপে আকাশী দুৱৰাৰ দায়িত্ব গ্ৰহণ

Posted by: নিৰ্মলানেন্দু পাঠক Updated by: নিৰ্মলানেন্দু পাঠক February 20, 2020 7:42 am
237070 (1)

টীয়ক ৰাজহচক্ৰৰ নতুন চক্ৰ বিষয়া হিচাপে বুধবাৰে আকাশী দুৱৰাই দায়িত্ব গ্ৰহণ কৰে।

নতুন চক্ৰ বিষয়া গৰাকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দুপৰীয়ালৈ টীয়ক পৌৰসভাৰ সভাকক্ষত বিদায়ী চক্ৰ বিষয়া ভাস্কৰজ্যোতি ৰাজবংশী আৰু নতুন চক্ৰ বিষয়া আকাশী দুৱৰাৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়‌।

সভাত আদৰণি বক্তব্য ৰাখে টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানে l

টীয়ক প্ৰেছ ক্লাবৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়াই আঁত ধৰা এই সভাতেই অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে নতুন চক্ৰ বিষয়া আৰু বিদায়ী চক্ৰ বিষয়াজনক সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা জনোৱা সকল হ’ল- টীয়ক পৌৰসভা, টীয়ক হাইস্কুল, জ্যেষ্ঠ নাগৰিক সন্থা, টীয়ক প্ৰেছ ক্লাব, বিজেপি কলিয়াপানী মণ্ডল, অগপ যোৰহাট জিলা সমিতি, অসম প্ৰেমী যুৱ ছাত্র সমাজ, টীয়ক থানা নাগৰিক সমিতি, টীয়ক থানা, টীয়ক বাণিজ্য সন্থা, ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাকে আদি কৰি শতাধিক অনুষ্ঠান, ব্যক্তি বিশেষে।