NORTHEAST NOW (Assamese)
অসম

জামিন লাভ কৰিলে বিজেপি কৰ্মী লাচিত গগৈয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 7, 2023 6:50 pm

বি জে পি নেতা লাচিত গগৈ আৰু আহোম সংগঠনৰ নেতা মিলন বুঢ়াগোহাঁইৰ মাজত চুপাৰি ছিণ্ডিকেটলৈ হোৱা কথোপকথন ভাইৰেল হোৱাৰ পিছতেই গ্ৰেপ্তাৰ হৈছিল লাচিত গগৈ। 

এই গোচৰত এতিয়া জামিন লাভ কৰিছে লাচিত গগৈয়ে। 

সোমবাৰে বোকাজান মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে খটখটি আৰক্ষী থানাৰ গোচৰ নং ৩০/২৩ US IPC ১২০/বি, ৪২০, ৩৮৪, ৫০০ আৰু ৫১১ ধাৰাত ৰুজু হোৱা গোচৰত লাচিত গগৈক জামিন প্ৰদান কৰে ।

২১ জুলাইৰ পৰা ডিফু ন্যায়িক জিম্মাত ডিফু কাৰাগাৰত আছিল লাচিত গগৈ । যোৱা ২ আগষ্টত ডিফু চিজেএম আদালতে ডিফু থানাৰ ৭৯/২৩ নম্বৰৰ গোচৰত জামিন প্ৰদান কৰিছিল লাচিত গগৈক।