NORTHEAST NOW (Assamese)
অসম

ত্ৰয়োদশ কাজিৰঙা বাৰ্ষিক আৱাসিক প্ৰকৃতি শিবিৰ সামৰণি; কাজিৰঙা শীৰ্ষক গীতৰ উন্মোচন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 22, 2020 3:18 pm
IMG-20200221-WA0046_2

 

বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ত্ৰয়োদশ বাৰ্ষিক আৱাসিক প্ৰকৃতি শিৱিৰৰ ২১ ফেব্ৰুৱাৰীত সফলতাৰে সামৰিণ পৰে ৷

২০০৭ চনৰে পৰা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাঁৱৰ ছাত্ৰ ছাত্ৰীৰ বাবে আয়োজিত নেচাৰ্চ অৰিয়েন্টেচন ইনিটিয়েটিভ নামৰ তিনিদিনীয়া শিবিৰ সামৰিণ অনুষ্ঠানটো যোৱা ১৯ ফেব্ৰুৱাৰীৰ বিয়লি সঞ্চালক পি শিৱকুমাৰে অনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

এই প্ৰকৃতি শিৱিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়আ ২৯ খন গাঁৱৰ ৩৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

শিৱিৰত ছাত্ৰ ছাত্ৰীসকলক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সন্দৰ্ভত প্ৰাৰম্ভিক জ্ঞান দিয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যৱস্থাপনা আৰু বিভিন্ন অঞ্চল ছাত্ৰ ছাত্ৰীসকলক দেখুৱা হয় ৷

অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সমল ব্যক্তিসকলে শিৱিৰত বন আৰু বন্যপ্ৰাণী সম্পৰ্কত বিভিন্ন জ্ঞানো প্ৰদান কৰে৷ শিৱিৰৰ আৰম্ভণিতেই ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ক্ষেত্ৰ অধ্যয়নৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিমল শিৱিৰ, বুঢ়াপাহাৰ বনাঞ্চলৰ নতুনডাঙা গাঁও আৰু কঠাল চাং বনশিবিৰ এলেকাৰ পতাহী বিলৰ পাৰলৈ পক্ষী দৰ্শনৰ বাবে নিয়া হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি , ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ভূমি, কৰবেট ফাউণ্ডেচন আৰু প্ৰকৃতি শিক্ষণ কেন্দ্ৰৰ সহযোগত বিগত বাৰটা বছৰেই আয়োজন কৰা হৈ আহিছে ৷

বিগত তেৰটা বছৰেই কাজিৰঙাৰ কাষৰীয় গাওঁৰ পাচ শতাধিক ছাত্ৰ ছাত্ৰী এই শিৱিৰৰ দ্বাৰা উপকৃত হৈছে ৷ সমাৱৰ্তন সমাৰোহত শিৱিৰত অংশগ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলক মান পত্ৰ প্ৰদান কৰা হয় ৷

অনুষ্ঠানতে ২০১৯ বৰ্ষত অনুষ্ঠিত এই শিৱিৰৰে অংশ গ্ৰহণকাৰী কাজিৰঙাৰ মৃদুস্মিতা গগৈৰ কন্ঠত বনীবদ্ধ কৰা কাজিৰঙা শীৰ্ষক গীতটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা লগতে ইউ টিউবৰ জড়িয়তে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয় ৷ উল্লেখ্য যে মৃদুস্মিতা গগৈক বনবিভাগৰ জৈৱ্য বৈচিত্ৰ আয়োগৰ ব্ৰেণ্ড এম্বেচাৰ হিচাবেও ঘোষণা হৈছিল ৷