NORTHEAST NOW (Assamese)
Popular Stories

বিৰাট কোহলীৰ বিলাসী অট্টালিকাৰ বিষয়ে সবিশেষ তথ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2020 7:35 pm

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে বাস কৰে অতি বিলাসবহুল আট্টালিকাত।

২০১৬ চনতে কোহলীয়ে ৩৪ কোটিৰ বিনিময়ত এই বিলাসী আৱাসগৃহটো ক্ৰয় কৰিছিল। মুম্বাইৰ ৱাৰ্লিত থকা ওমকাৰ এপাৰ্টমেণ্টৰ ৩৫ নং মহলত আছে বিৰাটৰ এই বিলাসী ফ্লেট।

ইয়াৰ পূৰ্বে বিৰাট কোহলীয়ে পৰিয়ালৰ সৈতে আছিল দিল্লী মেট্ৰ’ গ্ৰীণ লাইনৰ পশ্চিম বিহাৰৰ মীৰা বাঘৰ এটা ফ্লেটত।

গুৰুগ্ৰামত বিৰাটৰ ৫০ ইয়াৰ্ডৰ এলেকা আছে, য’ত ১০,০০০ বৰ্গ ফুট জুৰি অতি আকৰ্ষণীয় আট্টালিকাৰ নিৰ্মাণ কাৰ্য চলি আছে। তালৈ অতি শীঘ্ৰেই পৰিয়ালটোক চীফ্ট কৰাৰ কথা।

বিৰাট কোহলীয়ে ঘৰত অতি প্ৰশান্তিৰে থকাটো পচন্দ কৰে। ব্যস্ত সূচীৰ পৰা সময় পালেই কোহলীয়ে পৰিয়ালৰ সৈতে ঘৰত সময় পাৰ কৰিব খোজে।

কোহলীৰ বৰ্তমানৰ আৱাসগৃহটোত চাৰিটা বেডৰুম আছে, য’ৰ পৰা অতি বিন্দীয়া প্ৰাকৃতিক পৰিৱেশ চাব পাৰি।

বৰ্তমান কোহলী তেওঁৰ পত্নী বলিউদৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে ওমকাৰ এপাৰ্টমেন্টৰ ৩৫ নং বিলাসী ফ্লেটত বাস কৰে। য’ৰ পৰা আৰৱ সাগৰ মনোৰম দৃশ্যৰাজি দৃশ্যমান হৈ থাকে।

বিৰাটৰ এই আৱাসত ৰয়েল লিভিং ৰুম, স্পা-লাইক বাৰ্থৰুম, জিম, কিটচেন, কীডছ ৰুম, ষ্টাফ কোৰ্টাৰৰ লগতে চাৰিটা পাৰ্কিং শ্ল’টো আছে।