NORTHEAST NOW (Assamese)
Popular Stories

ৰেপিড’ বন্ধ কৰাক লৈ গৰজি উঠিল গুৱাহাটীৰ বাইক চালক; কাইলৈ ১২ ঘণ্টা বন্ধ থাকিব ওলা-উবেৰ সেৱা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা February 23, 2020 7:57 pm
Rapido bike rider

প্ৰায় ১৭ হাজাৰ ৰেপিড’ বাইক চালকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ আশংকাত আজি চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত বাইক চালক সকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে, ২২ ফেব্ৰুৱাৰি অৰ্থাৎ শনিবাৰে মহানগৰীত চলাচলৰ বাবে অনুজ্ঞাপত্ৰ নথকাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে ৰেপিড’ বাইক টেক্সী সেৱা নিষিদ্ধ কৰাৰ লগতে কাৰ্য্যালয় চীল কৰি দিছিল।

পৰিবহণ নিগমৰ এই সিদ্ধান্তৰ পিছতে জাঙুৰ খাই উঠা  ৰেপিড’ চালকসকলে আজি চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে এই সিদ্ধান্তক কঠোৰ সমালোচনা কৰে।

পৰিবহন বিভাগে মহানগৰীৰ অনুজ্ঞাপত্ৰ নাথাকিলে জৰিমনা ভৰিব লাগিব বুলি কৰা মন্তব্যক উভটি ধৰি চালকসকলে কয় যে, প্ৰতিটো ভাড়াৰ বিনিময়ত আমি জি এছ টি দি আহিছো।

যদি অনুজ্ঞাপত্ৰ নাই তেন্তে চৰকাৰে জি এছ টি কিয় লৈ আছিল বুলিও চৰকাৰ আৰু বিভাগক প্ৰশ্ন কৰে চালকসকলে।

ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ পিছতেই চালকসকলে জুবিন গাৰ্গৰ পৰামৰ্শ বিচাৰি তেওঁৰ খাৰঘুলিস্থিত বাসগৃহলৈ বিশাল বাইক ৰেলী উলিয়াই। কিন্তু জুবিন গুৱাহাটীত উপস্থিত নথকাৰ বাবে চালকসকলে তেওঁক সাক্ষাৎ নাপালে।

জুবিন গাৰ্গে ব্যক্তিগত কাৰণত কলিকতালৈ যোৱা বুলি জানিব পাৰি চালকসকলে তেওঁৰ সৈতে যোগাযোগ কৰাত জুবিনে অহা ৫ মাৰ্চত তেওঁলোকৰ সৈতে বৈঠকত মিলিত হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে সোমবাৰে মহানগৰীত ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধ থাকিব ওলা-উবেৰ সেৱা। পৰিবহন বিভাগে শনিবাৰে ৰেপিড’ সেৱা বন্ধ কৰি দিয়াৰ লগতে মহানগৰীত ভাড়া মৰা ওলা, উবেৰ আৰু অন্যন্য কেবৰ বাবে নতুন পাৰ্মিট লাগিব বুলি বান্ধি দিয়া কঠোৰ নিয়মৰ বিৰুদ্ধাচৰণ কৰিয়েই এই সিদ্ধান্ত লৈছে।