NORTHEAST NOW (Assamese)
অসম

No Parkingত গাড়ী ৰখাই বিজেপি বিধায়কৰ তর্জন-গর্জন; জৰিমনা আদায় যান-বাহন আৰক্ষীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 25, 2020 7:43 pm
WhatsApp Image 2020-02-25 at 6.15.35 PM

মহানগৰীত বিধায়কৰ গাড়ীত হুইল ক্লেম্প লক লগালে যানবাহন আৰক্ষীয়ে।

দুলীয়াজানৰ বিধায়ক টেৰচ গোৱালা আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন বহি যোৱা বাহনত আৰক্ষীয়ে লগালে হুইল ক্লেম্প লক।

মঙলবাৰে দুপৰীয়া প্ৰায় ১ বজাত ন’ পাৰ্কিঙত গাড়ী ৰখাই থোৱাৰ বাবেই হুইল ক্লেম্প লক লগালে কৰ্তব্যৰত যানবাহন আৰক্ষীয়ে।

চানমাৰিৰ গড়কাপ্তানি বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত ন’ পাৰ্কিঙত গাড়ি ৰখাই জৰিমণা ভৰিবলগীয়া হ’ল বিধায়কগৰাকীয়ে। বিধায়কদুগৰাকী যোৱা গাড়ীখনৰ নম্বৰ হ’ল AS 01BV 0005।

বিষ্ণু বৰা নামৰ কৰ্তব্যৰত চান্দমাৰী থানাৰ যানবাহন আৰক্ষী কনিষ্টবলজনে বিধায়কৰ বাহনত লক লগোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষী জোৱানজনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ উপৰিও গালি-গালাজ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

বাহনখনৰ চালক আৰু নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে কৰ্তব্যৰত আৰক্ষী কনিষ্টবলগৰাকীয়ে।

সেই সময়ত গাড়ীৰ ভিতৰত আছিল বিধায়ক টেৰচ গোৱালা আৰু তেওঁৰ কাষতে আছিল আনগৰাকী বিধায়ক সুৰেণ ফুকন।