NORTHEAST NOW (Assamese)
Popular Stories

BSFত ওলাইছে চাকৰি; আগ্ৰহীসকলে আবেদন কৰিবলৈ পঢ়ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 27, 2020 12:53 pm
bsf

গৃহ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ইয়াৰ বিভিন্ন ধৰণৰ খালী পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদসমূহ সাময়িক হ’লেও পৰৱৰ্তী সময়ত স্থায়ী কৰা হ’ব।

পদসমূহ হৈছে – উপ পৰিদৰ্শক(মাষ্টাৰ), উপ পৰিদৰ্শক(ৱৰ্কশ্বপ), উপ পৰিদৰ্শক(ইঞ্জিন ড্ৰাইভাৰ), হেড কনিষ্টবল(মাষ্টাৰ), হেড কনিষ্টবল(ৱৰ্কশ্বপ), হেড কনিষ্টবল(ইঞ্জিন ড্ৰাইভাৰ) আৰু কনিষ্টবল ট্ৰেডছমেন(ক্ৰিউ)।

দৰমহা মাহিলী ২১,৭০০ ৰ পৰা ১,১২,৪০০ টকা।

অফলাইন যোগে প্ৰাৰ্থীসকলে আবেদন কৰিব লাগিব। ১৭ ফেব্ৰুৱাৰী ২০২০ৰ পৰা আবেদন পত্ৰ জমা লোৱা হৈছে আৰু ইয়াৰ অন্তিম দিন হ’ল ১৬ মাৰ্চ ২০২০। অৱেশ্য কেন্দ্ৰীয় শাসিত অঞ্চল, হিমাচল প্ৰদেশ, পূৰ্ৱোত্তৰ ৰাজ্য, ছিকিম, লাডাখ আদি অঞ্চলৰ বাবে অন্তিম দিন ৩০ মাৰ্চ ২০২০ চন ধাৰ্য কৰা হৈছে।

আগ্ৰহীসকলে BSFৰ অফিচিয়েল ৱেবচাইটত  গৈ সবিশেষ তথ্য লাভ কৰিব পাৰিব ।