NORTHEAST NOW (Assamese)
Popular Stories

কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 1, 2020 6:12 pm
f3b6234f-3f44-4e6a-a234-fd8f689f149a

আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাই।

কংগ্ৰেত যোগদান কৰি শৰ্মাই ভাষণ প্ৰসংগত ২০২১ ত কংগ্ৰেছৰ জয় হ’ব বুলি দাবী কৰি কয়, ‘এই বিশ্বাসেৰে আমি আগুৱাই যাব লাগিব। ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে দম্ভ মাৰি নকওঁ, কিন্তু অতি কমেও ৮০ খন আসন লৈ দিচপুৰ দখল কৰিম। মোৰ ঘৰ-দুৱাৰ সকলো আছে, খাবলৈ অভাৱ নাই, ৰাইজৰ সেৱা কৰিবলৈ কংগ্ৰেছলৈ আহিছো’।

তদুপৰি, বিজেপিক অসমত উৎখাত কৰা অভিযান আজিৰ পৰা হ’ব লাগে বুলি মন্তব্য কৰি তেওঁ কয় ‘২০২১ ত বিজেপিক উৎখাত কৰিম। আৰু দিচপুৰ দখল কৰিম আৰু ২০২৪ ত দিল্লীও দখল কৰিম।‘

হাস্যকৰভাৱে শৰ্মাই প্ৰেমৰ সম্পৰ্কৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ কংগ্ৰেছৰ যুৱক-যুৱতী সদস্যক আহ্বান জনাই তেওঁ কয়, ‘যুদ্ধ জয়ৰ ক্ষেত্ৰত প্ৰথমটো হৈছে মনোবৈজ্ঞানিক যুদ্ধ আৰু দ্বিতীয়টো হৈছে প্ৰেমৰ সম্পৰ্ক। মই খোলা খুলি কথা কোৱা মানুহ, ডেকা চামে প্ৰেম সম্পৰ্ক কৰিবই লাগিব। এজনী ধুনীয়া ছোৱালীক দহজন ল’ৰাই ভাল পাইছে, কিন্তু তাইক ব্ৰেইন ওৱাছ কৰি আনিব পৰা জনৰহে জয় হ’ব’।

‘যুৱ কংগ্ৰেছ, এন এছ য়ু আই, আৰু মহিলা কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু অন্যান্য জ্যেষ্ঠ নেতাৰ পৰামৰ্শ লৈ দৈনিক কাম কৰিব লাগিব’। শৰ্মাই লগতে কয়।

শৰ্মাৰ মতে, ‘জনসাধাৰণৰ লগত সম্পৰ্ক বা যোগাযোগ থাকিলে টকা-পইছাই একো কৰিব নোৱাৰে। মই ১৬ লাখ টকা লৈ নিৰ্বাচন খেলিছিলো তথাপি জনসাধাৰণৰ লগত এক সু-সম্পৰ্ক থকাৰ বাবে জয়ী হৈছিলো’।

‘মোৰ কোনো জাত-পাত নাই। য’ত মন যায় খাওঁ, য’ত মন যায় থাকো। খাহী মাংস খাবলৈ হ’লে নেপালীৰ ঘৰত, মাছ মাংস খাবলৈ হ’লে অসমীয়াৰ তাত, দৈ-ক্ৰীম খাবলৈ হ’লে চৰ চাপৰিৰ মুছলমানৰ তাত, লাও পানী খাবলৈ হ’লে দেউৰী, সোণোৱাল, ঠেঙালৰ ঘৰত গৈ সোমাই দিওঁ। আমি মুছলমান-খ্ৰীষ্টানক ঘিণ কৰিলে নহ’ব, তেওঁলোকো আমাৰ ভাতৃ-ভগ্নী’। শৰ্মাই ভাষণ প্ৰসংগত কয়।

ইপিনে, আজিৰ দিনটোতে কংগ্ৰেছত জ্যেষ্ঠ সাংবাদিক জমছেৰ আলি, এন পি পি দলৰ ৰাজ্যিক আহ্বায়ক ৰিজুমণি তালুকদাৰ, বিশ্বনাথ জিলাৰ অভিযন্তা সংগীতা গোস্বামীকে ধৰি অৰ্ধ শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে।

ৰাজীৱ ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনৰ লগতে বহুতো নেতা-কৰ্মী উপস্থিত থাকে।