NORTHEAST NOW (Assamese)

এইবাৰ কোকৰাঝাৰত চলন্ত গাড়ীৰ ভিতৰতে ‘দলবদ্ধ ধৰ্ষণ’ ১৩ বছৰীয়া কিশোৰীক

May 18, 2023 7:52 pm · এন ই নাও নিউজ, কোকৰাঝাৰ
প্ৰতিনিধিত্বমূলক ফটো।

কোকৰাঝাৰ জিলাত সংঘটিত হৈছে এক জঘণ্য ঘটনা। বৃহস্পতিবাৰে (১৮ মে’) আৰক্ষীয়ে জনোৱা মতে, কোকৰাঝাৰ জিলাত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ‘দলবদ্ধ ধৰ্ষণ’ৰ অভিযোগ উত্থাপন হৈছে।

কোকৰাঝাৰ জিলাত এখন চলন্ত গাড়ীত থকা কমেও চাৰিজন যুৱকে নাবালিকাগৰাকীক ‘দলবদ্ধ ধৰ্ষণ’ কৰাৰ অভিযোগ উত্থাপন হৈছে।

যুৱক চাৰিজনে ‘বলপূৰ্বকভাৱে’ ছোৱালীজনীক এখন গাড়ীৰ ভিতৰলৈ লৈ গৈ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: কল ৰেকৰ্ডিং ভাইৰেল : হত্যা কৰা হৈছিল নেকি সাহসী SI জোনমণি ৰাভাক?

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ কাষেৰে চলি থকা গাড়ীখনৰ ভিতৰতে সংঘটিত হয় ১৩ বছৰীয়া কিশোৰীগৰাকীৰ ‘দলবদ্ধ ধৰ্ষণ’।

কোকৰাঝাৰ জিলাৰ আৰক্ষীয়ে এই গোচৰৰ চাৰিওজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে। কোকৰাঝাৰ জিলাৰ দোতমা থানাত ৰুজু কৰা হৈছে এটা গোচৰ।

অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন চমুকৈ পকছোৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়ক: গুৱাহাটীত উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত

ইপিনে, অভিযুক্তকেইজনক কোকৰাঝাৰৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

Related News