NORTHEAST NOW (Assamese)

কোমল বয়সৰ প্ৰেম! ১৩ বছৰীয়া কিশোৰীক পলুৱাই নিলে ১৫ বছৰীয়া কিশোৰে

March 27, 2025 10:16 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 27, 2025 10:17 am

কোমল বয়সৰ প্ৰেমৰ ভয়ংকৰ পৰিণতি। হাজোত কোমল বয়সৰ প্ৰেমৰ বাবেই সৃষ্টি হল অনাহুত পৰিস্থিতি। এগৰাকী নাবালিকা কিশোৰীক পলুৱাই নিয়াক কেন্দ্ৰ কৰি হাজোত সৃষ্টি হল ৰক্তাক্ত পৰিস্থিতিৰ।

হাজোৰ পণ্ডিত পামৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ১৫ বছৰীয়া এজন কিশোৰৰ। এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল কিশোৰীৰ পৰিয়ালৰ লোকে। কিন্তু যোৱা সোমবাৰে নিশা দুয়োজনে পৰিয়ালৰ বিৰুদ্ধে গৈ এক হোৱাৰ সিদ্ধান্তৰে ঘৰৰ পৰা পলায়ন কৰে।

এই ঘটনাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালে নাবালক প্ৰেমিকৰ পৰিয়ালে ফুচুলাই দুয়োকে গুৱাহাটীলৈ পঠিয়াই দিয়াৰ অভিযোগ উত্থাপিত কৰিছে। ইয়াকে লৈ দুই পক্ষৰ মাজত লাগিল বাক-বিতণ্ডা। এই বাক-বিতণ্ডাই পাছত কাজিয়াৰ ৰূপ লয়।এই ঘটনাতে কিশোৰীৰ ককাক মতিবৰ আলীক কিশোৰ প্ৰেমিকৰ পৰিয়ালৰ লোকে কৰে প্ৰহাৰ।

ইতিমধ্যে হাজোৰ ৰামদিয়া থানাত কিশোৰীৰ পৰিয়ালৰ লোকে নাছিৰুদ্দিন, ছুলতান আৰু জাহিদুল নামৰ তিনিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে কৰিছে ঘটনাৰ তদন্ত।

Related News