NORTHEAST NOW (Assamese)

নাবালিকাক ‘বিবাহ’ৰ অপৰাধত গুৱাহাটীত গ্ৰেপ্তাৰ ২৩ বছৰীয়া যুৱক

June 23, 2023 9:58 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে গুৱাহাটীত এগৰাকী নাবালিকাৰ সৈতে পলায়ন কৰি বিয়া পতা এজন ২৩ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ মতে, যুৱকজনে শেহতীয়াকৈ নাবালিকগৰাকীৰ সৈতে পলাই গৈ বিয়া পাতিছিল বুলি অভিযোগ উঠিছে।

এই ঘটনাৰ পিছতে ছোৱালীজনীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও তেতিয়াৰ পৰাই অভিযুক্ত যুৱকজন পলাতক হৈ আছিল বুলি আৰক্ষী বিষয়া এজনে জানিবলৈ দিয়ে।

লগতে পঢ়ক: হোৱাইট হাউছত মোদীৰ অভ্যৰ্থনা! আম্বানীৰ পৰা পিচাইলৈ নৈশভোজত অতিথিৰ দীঘলীয়া তালিকা

আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘গুৱাহাটীৰ গোটানগৰ অঞ্চলত অভিযুক্ত যুৱকজনৰ গতিবিধি সন্দৰ্ভত আমি এক গোপন সূত্ৰে খৱৰ লাভ কৰিছিলো। সেই অনুসৰি অভিযান আৰম্ভ কৰা হয় আৰু অভিযুক্ত যুৱকজনক সেই অঞ্চলৰ এটা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।”

আৰক্ষীৰ মতে, অভিযুক্তই জেৰাৰ সময়ত জনায় যে তেওঁ ছোৱালীজনীক বিয়া কৰাইছে আৰু গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ দুয়োজনে আত্মগোপন কৰি আছিল।

লগতে পঢ়ক: টাইটানৰ সকলো যাত্ৰীৰ মৃত্যু; আটলাণ্টিকত ধ্বংসাৱশেষ উদ্ধাৰৰ পিছতে ঘোষণা আমেৰিকান ক’ষ্ট গাৰ্ডৰ

‘আমি এইটো বাল্য বিবাহৰ ঘটনা নেকি সেইটো নিশ্চিত কৰিবলৈ তদন্ত কৰি আছো। যিকোনো ক্ষেত্ৰতে POCSO আইন প্ৰযোজ্য হ’ব।’- বিষয়াগৰাকীয়ে কয়।

Related News