• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টাইটানৰ সকলো যাত্ৰীৰ মৃত্যু; আটলাণ্টিকত ধ্বংসাৱশেষ উদ্ধাৰৰ পিছতে ঘোষণা আমেৰিকান ক’ষ্ট গাৰ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2023 8:02 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুঃসাহসিক যাত্ৰীকেইজন হয়তো বাচি থাকিব! সেই আশাৰে সন্ধান চলি আছিল। ৰবটো নমোৱা হৈছিল অভিযানত। কিন্তু ধ্বংসাৱশেষ বিচাৰি পোৱাৰ পিছতে সেই আশা নিৰ্বাপিত হৈ পৰিল। টাইটানিকৰ দৰেই ডুব যোৱা চাবমেৰিন টাইটানখনো সাগৰৰ গভীৰতাত সলিল সমাধি ঘটিল।

আমেৰিকান ক’ষ্ট গাৰ্ড আৰু টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ লৈ যোৱা সংস্থা অ’চেনগেটে চাবমেৰিনখনৰ সকলো যাত্ৰীক মৃত ঘোষণা কৰিছে।

আমেৰিকান ক’ষ্ট গাৰ্ডৰ ৰিয়াৰ এডমিৰেল জন ম’গাৰে কয়, ‘টাইটানিকৰ ধ্বংসাৱশেষৰ পৰা ১৬০০ ফুট দূৰত্বত ৰবটে টাইটানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। দুৰ্ঘটনাৰ সময়ত ছাবমেৰিনখন ভিতৰলৈ মহতিয়াই যোৱাৰ সন্দেহ। এতিয়া যাত্ৰীকেইজনক উদ্ধাৰ কৰিব পৰা যাব নে নাই সেয়া কোৱা টান। ঘটনাস্থলীৰ পৰিৱেশ অতি প্ৰতিকূল। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জনাইছো।” অভিযানকাৰী সংস্থাটোৱেও এক বিবৃতিযোগে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Apply Now

লগতে পঢ়ক: দিল্লীৰ পাঁচ তাৰকাযুক্ত হোটেলত ২ বছৰ কটাই ফুটাকড়ি এটাও বিল নিদিয়াকৈয়ে পলাল অসমৰ প্ৰৱঞ্চক অংকুশ দত্ত!

কানাডাৰ পূব দিশৰ নিউফাউণ্ডলেণ্ডৰ উপকূলৰ আটলাণ্টিকৰ গভীৰতাত ডুব মাৰিছিল টাইটান। টাইটানে যাত্ৰীসকলক সাগৰৰ গভীৰতাত য’ত টাইটানিকৰ ধ্বংসাৱশেষ আছে, সেই ঠাইখন দেখুৱাবলৈ লৈ গৈছিল।

যোৱা দেওবাৰে পাঁচজন যাত্ৰীৰে সৈতে অ’চেনগেট সংস্থাই নিৰ্মাণ কৰা চাবমেৰিনখন সাগৰৰ ১৩ হাজাৰ ফুট গভীৰতালৈ নামি গৈছিল। যাত্ৰা আৰম্ভ হোৱাৰ ১ ঘণ্টা ৪৫ মিনিটৰ পিছতে নিৰুদ্দেশ হয় টাইটান। নিৰুদ্দিষ্ট হোৱা ছাবমেৰিনখন উদ্ধাৰৰ কামত জড়িত আছিল আমেৰিকান আৰু কানাডাৰ সেনা  বাহিনী। উত্তৰ আটলাণ্টিক মহাসাগৰত চলিছিল এই অনুসন্ধান।

ছাবমেৰিনৰ শব্দ ধৰিবলৈ শব্দ তৰংগ যন্ত্ৰও স্থাপন কৰা হৈছিল। ক’ষ্ট গাৰ্ড আৰু এয়াৰ ফৰ্চৰ লগতে এই অনুসন্ধানত জড়িত আছিল ৰবটো। এই ৰবটটোৱেই টাইটানিকৰ ওচৰত আন এখন জাহাজৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল, যাক পিছত আমেৰিকাৰ ক’ষ্ট গাৰ্ডে টাইটানৰ ধ্বংসাৱশেষ বুলি চিনাক্ত কৰিছে।

লগতে পঢ়ক: ক্লিন ব’ল্ড হৈ ক্ষুব্ধ বেটাৰ, ১৪ বছৰীয়া বলাৰক ডিঙি চেপি হত্যা কৰি পেলালে ১৭ বছৰীয়া কিশোৰে!

বাতৰি অনুসৰি, চাবমেৰিনখনত ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিছ হাৰ্ডিং, পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউদ আৰু তেওঁৰ পুত্ৰ চুলেইমান, অ’চেনগেটৰ চিইঅ’ ষ্টকটন ৰাছ আৰু ফ্ৰান্সৰ নাৱিক পল হেনৰী নাৰ্জিঅ’লেট আছিল।

উল্লেখ্য যে ১৯১২ চনৰ ১৪ এপ্ৰিলত সেই সময়ৰ অন্যতম বিলাসী যাত্ৰীবাহী জাহাজ টাইটানিক এখন বৰফৰ পাহাৰত খুন্দা মাৰি উত্তৰ আটলাণ্টিকত ডুব গৈছিল। তাত ১৫০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। তাৰ পিছত ১১১ বছৰ পাৰ হৈ গ’ল। টাইটানিক জাহাজৰ ধ্বংসাৱশেষ এতিয়াও আটলাণ্টিক মহাসাগৰৰ ৪৫০০ মিটাৰ তলত পৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd