NORTHEAST NOW (Assamese)
Popular Stories

এটা নেমুৰ দাম ১.৪৮ লাখ টকা! কি আছে বিশেষ নেমুটোত? কিয় ইমান দামত বিক্ৰী হ’ল?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2024 11:51 am

এটা নেমুৰ দাম ১.৪৮ লাখ টকা! ২০-৩০ টকীয়া নেমুৰ দাম ইমান দামী কেনেকৈ হ’ব পাৰে? আপুনি কেতিয়াবা ভাবিছেনে? এইটো সম্ভৱনে? জনা গৈছে যে সম্প্ৰতি (ভাইৰেল নিউজ) এনেকুৱা এটা ঘটনা দেখা গৈছে। তেনে এটা নেমু (285 YO Lemon) ব্ৰিটেইনত ভাৰতীয় মুদ্ৰাত ১.৪৮ লাখ টকাৰ উচ্চ মূল্যত বিক্ৰী হৈছিল। কিন্তু কিয়? সেই নেমুটোৰ কি এনে বিশেষত্ব আছে?

ব্ৰিটেইনৰ শৰ্পশ্বাৰৰ এটা নিলামকাৰী সংস্থা ব্ৰিটেলছ অকচনিয়াৰ্ছে শেহতীয়াকৈ তেওঁলোকৰ ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছে যে তেওঁলোকে ব্ৰিটেইনৰ এটা পৰিয়ালৰ পৰা এই নেমুটো লাভ কৰিছে আৰু সেই পৰিয়ালে এই নেমুটো (২৮৫ ৱাই অ’ লেমন) তেওঁলোকৰ কোনো আজো ককাকৰ পৰা লাভ কৰিছে।

লগতে পঢ়কঃ কি হ’ব? যদি পৃথিৱীখন ১ ছেকেণ্ডৰ বাবে ঘূৰিবলৈ বন্ধ কৰি দিয়ে!

তেওঁলোকৰ ককাকৰ কেবিনেটত নেমুটো বন্ধ কৰি থোৱা আছিল। ২৮৫ বছৰৰ পাছত সেই কেবিনেটটো মুকলি কৰা হ’ল আৰু তাৰ পিছতহে সেই নেমুটো আৱিষ্কাৰ হ’ল (ভাইৰেল নিউজ)। সেই ব্যক্তিজনৰ বহু আগতেই মৃত্যু ঘটিছিল।

জনা যায় যে তেওঁৰ ঘৰৰ সকলো বস্তু বিক্ৰী কৰি থাকোঁতে এজন ফটোগ্ৰাফাৰে তেওঁৰ কেবিনেটৰ এখন ফটো তুলি থাকোতে এই নেমুটো লক্ষ্য কৰিলে। যদিও এই ২৮৫ বছৰীয়া নেমুটো বিশেষ একো নহয়, তথাপিও এটা কথাই নিলাম সংস্থাৰ গৰাকীৰ চকু কপালত তুলিলে।

লগতে পঢ়কঃ পাঁচ ফুল এক মালী, যুৱৰাজৰ প্ৰেম কাহিনী! তালিকাত দীপিকা, নেহা, ৰিয়া আৰু…

নেমুটোত এটা বিশেষ বাৰ্তা খোদিত কৰা হৈছিল। আৰু সেই বাৰ্তাৰ পৰাই নেমুটোৰ বয়স উদ্ধাৰ হয়। নেমুটোৰ ওপৰত থকা  লিখা আছে যে এই নেমুটো ( 285 YO Lemon) ১৭৩৯ চনৰ ৪ নৱেম্বৰত মিছ ই বেক্সটাৰক মিষ্টাৰ পি লু ফ্ৰাচিনি নামৰ এজন ব্যক্তিয়ে উপহাৰ দিছিল। ফলস্বৰূপে বছৰ আৰু তাৰিখৰ উল্লেখ দেখি ফটোগ্ৰাফাৰৰ চকু কপালত উঠিল আৰু সময় গণনা কৰি তাৰ পিছত নিলামকাৰীৰ হাতত সেইটো গতাই দিলে।

 

View this post on Instagram

 

A post shared by Brettellsauctions (@brettellsauctions)

নিলামকাৰী কোম্পানীটোৰ মতে, এই নেমুটোৰ ( 285 YO Lemon) দাম প্ৰথমতে ৪০ৰ পৰা ৬০ পাউণ্ড নিৰ্ধাৰণ কৰা হৈছিল, য’ত এই নেমুটো নিলামত ১৪১৬ পাউণ্ডত বিক্ৰী কৰা হৈছে। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১.৪৮ লাখ টকা। আৰু সেইটো থকা কেবিনেটটো মাত্ৰ ৩২ পাউণ্ডত বিক্ৰী হৈছে।

লগতে পঢ়কঃ মালয়েছিয়াত নতুন ৰজাঃ অগাধ সম্পত্তি, আছে হিটলাৰে উপহাৰ দিয়া গাড়ী

উল্লেখ্য যে কিছুদিন পূৰ্বে চেণ্ডুইচ বেগ এটাৰ চাঞ্চল্যকৰ দামৰ কথা পোহৰলৈ আহিছিল। সৰু চেণ্ডুইচ বেগ এটাৰ দাম হেনো তিনি লাখ টকা। বিখ্যাত আন্তঃৰাষ্ট্ৰীয় কোম্পানী লুনি ভুইটোৰ এই বেগটোৰ মূল্য তিনি হাজাৰ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ২ লাখ ৮০ হাজাৰ টকা।