সঁচাকৈয়ে আহিল নেকি মোডী চৰকাৰৰ ‘ভাল দিন’? দেশত এতিয়া ভিক্ষাৰীও কোটিপতি
ভিক্ষাৰী আকৌ ধনী হ’ব পাৰে নে? আচৰিত হ’লেও এয়া সঁচা। ভিক্ষা কৰি কৰি কোটিপতি হ’ল দেশৰ এজন ব্যক্তি। আজি সেয়ে ক’বলৈ ওলাইছোঁ দেশৰ আটাইতকৈ ধনী ভিক্ষাৰীজনৰ কথা।
পেছাত তেওঁ এজন ভিক্ষাৰী। তেওঁৰ জীৱন নিৰ্ভৰ কৰে আনে দিয়া ভিক্ষা বা দানৰ ওপৰত। কিন্তু, তেওঁক আৰ্থিকভাৱে দুৰ্বল বুলি নাভাবিব। বৰং তেওঁৰ আৰ্থিক অৱস্থা ইমানেই ভাল যে এজন ভাল চৰকাৰী চাকৰিয়ালতকৈ উপাৰ্জন অধিক তেওঁৰ।
নাম তেওঁৰ ভাৰত জৈন। ৪৯ বছৰীয়া ভাৰত জৈন মুম্বাইৰ পৰােল অঞ্চলৰ ভিক্ষাৰী। ভাৰতৰ মাহিলী আয় প্ৰায় ৮৭ হাজাৰ টকা। ইয়াৰ উপৰিও তেওঁৰ দুটা এপাৰ্টমেণ্ট আছে। যাৰ প্ৰতিটোৰ দাম ৮০ লাখ টকাৰো অধিক। ভাৰতৰ পৰিয়ালত পিতৃ, দুজন ভাতৃ, পত্নী আৰু দুটি পুত্ৰ আছে। ভিক্ষা কৰাৰ উপৰিও ভাৰতৰ এখন দোকানো আছে।
কিন্তু সেই দোকানখন তেওঁ নিজে নচলায়। দোকানখন ভাৰতে ভাড়াত দিয়ে। সেই দোকানখনৰ পৰা মাহে ১০ হাজাৰ টকা ভাড়া লাভ কৰে ভাৰত জৈনে।
উল্লেখ্য যে ইমান সা-সম্পত্তিৰ গৰাকী হোৱাৰ পিছতো ভাৰতে এৰি দিয়া নাই ভিক্ষাবৃত্তি। প্ৰত্যেক দিনাই জোলোঙা লৈ ভিক্ষাৰ বাবে ওলাই যায় ভাৰত। এনেদৰেই নিজৰ বৃত্তিটোক এৰি নিদি অহংশূন্যভাবে ভিক্ষা মাগি ফুৰিছে ভাৰতৰ আটাইতকৈ ধনী ভিখাৰী ভাৰত জৈনে।
লগতে পঢ়কঃ তদন্তত ওলাল উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ আচল কাৰণ। দোষ কাৰ?
লগতে পঢ়কঃ স্থগিতাদেশ নহ’ল: গুজৰাট উচ্চ ন্যায়ালয়ত নাকচ ৰাহুল গান্ধীৰ আবেদন
লগতে পঢ়কঃ দিহা ভৰসা : প্ৰেম আৰু যৌনতাৰ সম্পৰ্কটো কেনেকুৱা হোৱা উচিত?