NORTHEAST NOW (Assamese)
Popular Stories

৮ বছৰ বয়সতে বিয়া! দুটা সন্তানৰ মাতৃগৰাকী এতিয়া চিকিৎসক; নীট পিজিৰ বাবে চলাইছে প্ৰস্তুতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2024 11:15 am

ৰাজস্থানৰ এখন দুৰ্গম গাঁৱৰ বাসিন্দা ৰূপা যাদৱ দুটা সন্তানৰ মাতৃ। বহু লোকৰ দৰে তেওঁৱো দেশজুৰি নীট সন্দৰ্ভত যি অভিযোগ উত্থাপন হৈছে, সেই অভিযোগক লৈ ক্ষুভিত। শেহতীয়াকৈ ক্ৰমাৎ বৃদ্ধি পোৱা বিতৰ্কৰ বাবে নীট পি জি পৰীক্ষা বাতিল কৰা হৈছে। সেই সিদ্ধান্তকলৈও তেওঁৰ খং কম নহয়। বহুতৰে মনত প্ৰশ্ন উঠিব পাৰে, নীটৰ হুলস্থুলৰ লগত ৰূপাৰ কি সম্পৰ্ক? হয়, ডাঙৰ সম্পৰ্ক আছে।

২০১৭ চনত ৰূপা নীট ইউ জি উত্তীৰ্ণ হৈ শিৰোনাম দখল কৰিছিল। আৰু এইবাৰ তেওঁ নীট পি জি পৰীক্ষাৰ বাবে সাজু হৈছে। অৱশ্যে আপাততঃ পৰীক্ষা বাতিল হোৱাত তেওঁ অসন্তুষ্ট। ৰূপাৰ ভাষাত “এই পৰীক্ষাত ভাল ৰিজাল্টৰ আশাত দিনে নিশাই কাম কৰিছিলো। এতিয়া পৰীক্ষা বাতিলৰ খবৰ শুনি খং উঠিছে। কিন্তু পৰীক্ষাৰ আগতে বাতিল হোৱাত মই কিছু আশ্বস্ত হৈছো। কিয়নো প্ৰস্তুতি চলাবলৈ মই আৰু কিছু সময় পাম।”

ৰূপাই NET UG পাছ কৰি বৰ্তমান পেছাত চিকিৎসক। তেওঁ নগৌৰ জিলাৰ খৰিয়া গাঁৱৰ এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া হিচাপে কৰ্মৰত। ডাক্তৰ হোৱাৰ আগতে তেওঁ কেইবাটাও ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল। কিন্তু ৰূপাৰ যাত্ৰা একেবাৰে সহজ নাছিল। ইমান দূৰ পথ অতিক্ৰমি তেওঁ কেনেকৈ এই স্থানত উপনীত হ’ল, ৰূপাই নিজেই জনাইছে সেই কথা।

লগতে পঢ়কঃ নিশাই চিকিৎসালয়ত ভৰ্তি আদৱানী, কেনে আছে ৯৬ বৰ্ষীয় নেতাগৰাকী? কি জনালে দিল্লী এইমছে?

৮ বছৰ বয়সতে তেওঁৰ বিয়া হৈছিল ১২ বছৰীয়া শংকৰ লালৰ সৈতে! বাল্যবিবাহত বহাৰ পিছতো প্ৰতিভাৱান ৰূপাই পঢ়া-শুনাত কোনো ত্ৰুটি হ’বলৈ নিদিলে। দশম শ্ৰেণীৰ পৰীক্ষাত ৮৪ শতাংশ নম্বৰ পোৱাটোৱে সেই কথা প্ৰমাণ কৰে। ইয়াৰ পিছত ক্ৰমান্বয়ে তেওঁ উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। এইটো সঁচা যে ৰূপাৰ স্বামী বা শহুৰেকে কেতিয়াও বাধা দিয়া নাছিল যদিও তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নাছিল।

২০১৭ চনত তেওঁ NEET UG পাছ কৰিছিল, যদিও তাৰ আগতেও ৰূপাইও নীটত অৱত্তীৰ্ণ হৈছিল। ৪১৫ নম্বৰ লাভ কৰি ২৩,০০০ ৰেংক পাইছিল। কিন্তু তেওঁ কেতিয়াও ৰাজস্থান এৰি যাব বিচৰা নাছিল। গতিকে এবছৰ কোটাত পঢ়াৰ পিছত ২০১৭ চনত পুনৰ নীট দিলে। এই পৰীক্ষাত তেওঁ ৫০৩ নম্বৰ লাভ কৰিছিল।

পতি হিচাপে শংকৰক ৰূপাই সম্পূৰ্ণ নম্বৰ দিয়ে। তেওঁ কয়, “তেওঁ মোক সহায় কৰাৰ বাবে নিজৰ পুৰণি ঘৰখন এৰি থৈ আহিছে। লগতে পৰিয়ালৰ অতিৰিক্ত খৰচ চম্ভালিবলৈ একেলগে একাধিক কাম কৰিছিল। এতিয়া তেওঁ ঘৰৰ সন্মুখত দোকান এখন চলাই মোক সহায় কৰে।” স্বাভাৱিকতে শংকৰেও পত্নীৰ সফলতাক লৈ গৌৰৱ অনুভৱ কৰে।

লগতে পঢ়কঃ ছন্দপতন! ছেমিফাইনেলত স্বপ্নভংগ আফগানিস্তানৰ, প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

আৰম্ভণিৰে পৰা ডাক্তৰ হ’ব বিচৰা ৰূপাইও মৃত্যুক অতি ওচৰৰ পৰা দেখিছে। ককাকৰ হাৰ্ট এটেকত মৃত্যু হৈছিল। সেই সময়ত তেওঁৰ হাতত পৰ্যাপ্ত ঔষধ কিনাৰ ক্ষমতা নাছিল। গতিকে ডাক্তৰ হোৱাৰ হেঁপাহ আৰু বাঢ়ে। প্ৰথমে তেওঁ মেডিচিন স্পেচিয়েলিষ্ট হ’ব বিচাৰিছিল। কিন্তু কোভিডৰ সময়ত গৰ্ভাৱস্থাত তেওঁৰ কিছু সমস্যা দেখা দিছিল। সন্তান জন্মৰ সময়ত কোনো বিপদ নহ’ল যদিও সমস্যাটোৱে ৰূপাক জোকাৰি গৈছিল। এতিয়া তেওঁ স্ত্ৰীৰোগ বিশেষজ্ঞ হোৱাৰ সপোন দেখিছে।